
পত্নীৰ সৈতে যৌন সম্পৰ্কৰ বিনিময়ত উচ্চতম ন্যায়ালয়ৰ ভুৱা নথিৰে কাৰাগাৰৰ পৰা মুকলি যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত কয়দীক; অৱশেষত গ্ৰেপ্তাৰ ডিআইজি
বাংগালুৰুঃ দেশৰ সৰ্বোচ্চ আদালতৰ ভুৱা নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন দাগী কয়দীক। এই জালিয়াতিৰ আঁৰৰ ৰহস্য ফাদিল হোৱাৰ পিছতেই পোহৰলৈ আহিল আন এক ভয়ংকৰ অনৈতিক কাণ্ড। কয়দীক এইদৰে ভুৱা নথিৰে মুকলি কৰি দিয়াৰ বিনিময়ত তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিগ্ৰহ চলোৱাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে কাৰাগাৰ বিভাগৰ উপ আৰক্ষী মহাপৰিদৰ্শক চমুকৈ ডিআইজি শ্ৰী সোমশেখৰক। এই ঘটনাই কৰ্ণাটকৰ প্ৰশাসনিক আৰু ন্যায়িক মহলত সৃষ্টি কৰিছে অভূতপূৰ্ব জোকাৰণি।
ঘটনাৰ সূত্ৰপাত ঘটিছিল ২০১৮ চনত। ২০০৪ চনত চিকপেট থানাৰ এক গোচৰত ফাষ্ট ট্ৰেক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা শংকৰ নামৰ কয়দীজনক ২০১৮ চনৰ ১৩ নৱেম্বৰত বাংগালুৰু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰহস্যজনকভাৱে মুকলি কৰি দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ে শংকৰক মুক্তি দিয়া বুলি দাখিল কৰা নিৰ্দেশ পত্ৰখনৰ ভিত্তিত তৎকালীন কাৰাগাৰ অধীক্ষক সোমশেখৰে তেওঁক যাবলৈ দিছিল। কিন্তু শেহতীয়াকৈ আৰক্ষীৰ এক তদন্তত ধৰা পৰে যে উচ্চতম ন্যায়ালয়ে এনে কোনো ৰায় প্ৰদান কৰাই নাছিল আৰু সেই নিৰ্দেশনা পত্ৰখন সম্পূৰ্ণ ভুৱা আছিল।
তদন্তকাৰী আৰক্ষীৰ দলটোৱে কাৰাগাৰৰ জেষ্ঠ সহায়ক শ্ৰীকান্ত নামৰ এজন কৰ্মচাৰীয়ে উচ্চতম ন্যায়ালয়ৰ মোহৰ আৰু নাম ব্যৱহাৰ কৰি এই নথিখন জাল কৰা বুলি তথ্য লাভ কৰে। কিন্তু সমগ্ৰ কাণ্ডই নতুন মোৰ লয় যেতিয়া কাৰাগাৰৰ পৰা ভুৱা নথিৰে মুক্তি পোৱা শংকৰৰ পত্নীক আৰক্ষীয়ে জেৰা কৰে। মহিলাগৰাকীয়ে আৰক্ষীৰ সন্মুখত বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে স্বামীক কাৰাগাৰৰ পৰা মুক্ত কৰাৰ বিনিময়ত তদানীন্তন কাৰাগাৰ অধীক্ষক তথা বৰ্তমানৰ ডিআইজি সোমশেখৰে তেওঁক ধাৰাবাহিকভাৱে যৌন নিগ্ৰহ চলাইছিল।
উচ্চতম ন্যায়ালয়ৰ ভুৱা নথিৰে কাৰাগাৰৰ পৰা কয়দীক মুকলি কৰি দিয়াৰ সমগ্ৰ ষড়যন্ত্ৰত বিষয়াগৰাকীৰ ভূমিকা স্পষ্ট হৈ পৰাৰ পিছতো তদন্তত কোনো সহযোগিতা নকৰা আৰু তথ্য লুকুওৱাৰ অভিযোগত সোমশেখৰক গ্ৰেপ্তাৰ কৰে পৰাপ্পনা অগ্ৰহাৰা আৰক্ষীয়ে। আদালতে অভিযুক্ত ডিআইজিগৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। সৰ্বোচ্চ আদালতৰ নিৰ্দেশনা জাল কৰি কয়দী মুক্ত কৰা আৰু চৰম ক্ষমতাত থাকি কৰা এই যৌন নিগ্ৰহৰ ঘটনাই দেশৰ কাৰাগাৰ ব্যৱস্থাৰ ভিতৰচ’ৰাৰ আচল স্বৰূপ উদঙাই দিছে।





