অনুপ্ৰৱেশৰ নতুন কৌশল অৱলম্বন! কিন্তু এনেকৈ ধৰা পৰিল বাংলাদেশৰ ৰিপন…

নিউজ ডেস্কঃ সীমান্তত কটকটীয়া নিৰাপত্তাৰ পাছতো ভাৰতত অনুপ্ৰৱেশৰ প্ৰয়াসৰ নতুন কৌশল অৱলম্বন কৰিও নিস্তাৰ নাপালে এজন বাংলাদেশী যুৱকে। ট্ৰাকৰ তলত ওলমি গোপনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই বিএছএফৰ হাতত ধৰা পৰিল বাংলাদেশী যুৱকজন।

মঙলবাৰে শিলিগুৰিৰ ফুলবাৰী সীমান্ত চেক প’ষ্টত সংঘটিত হয় এই ঘটনা। আন দিনৰ দৰে সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ পৰা অহা এখন ট্ৰাক সামগ্ৰী নমাই ভাৰতত প্ৰৱেশ কৰি থকাৰ সময়তে পৰীক্ষা কৰে। তেতিয়াই জোৱানসকলে লক্ষ্য কৰিলে যে ট্ৰাকৰ তলত এজন ব্যক্তি ওলমি আছে।

কিছু মুহূৰ্তৰ ভিতৰতে যুৱকজনক গাড়ীৰ তলৰ পৰা উলিয়াই আনি আটক কৰা হয়। ধৃত যুৱকজনৰ নাম ৰিপন ৰায় বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক জেৰাত তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

বি এছ এফৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত ব্যক্তিজনৰ সন্দৰ্ভত অধিক জেৰা অব্যাহত আছে। এনে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে বুলি বাহিনীটোৱে জানিবলৈ দিয়ে। ইফালে বাংলাদেশী নাগৰিকজনক সীমান্ত পাৰ কৰোৱাৰ চেষ্টা কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনকো আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে।

Leave a Comment