পুঠি-খলিহনাক আটক কৰি আনন্দ মিশ্ৰই লৈছে বাহ বাহ! নকল সোণ-জালি নোটৰ বেহা অবাধ ৰূপত চলিবলৈ দিয়া আৰক্ষীৰ বিৰুদ্ধে কোনে ল’ব ব্যৱস্থা?

নিউজ ডেস্কঃ আকৌ এবাৰ চৰ্চাৰ শীৰ্ষত আইপিএছ আনন্দ মিশ্ৰ!

লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে আইপিএছ আনন্দ মিশ্ৰই আকৌ এবাৰ দখল কৰিছে সংবাদ শিৰোনাম, সামাজিক মাধ্যমতো আৰম্ভ হৈছে আলোচনা-সমালোচনা।

দৰাচলতে ‘লেডী সিংঘম’খ্যাত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ পিছত পোহৰলৈ আহিছিল ৰাজ্যত অব্যাহত থকা নকল সোণ আৰু জালি নোটৰ অবাধ ব্যৱসায়।

একাংশ লোভী আৰক্ষী বিষয়াৰ ছত্ৰছায়াত চলি থকা নকল সোণ আৰু টকাৰ এই ক’লা বেহাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবেই জোনমণি ৰাভাই মৃত্যুক সাৱটিবলগীয়া হ’ল বুলি চৰ্চা চলিছিল।

মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ এনে ৰহস্যজনক মৃত্যুৰ পিছত নকল সোণৰ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে চৰ্চালৈ আহিছিল লখিমপুৰ জিলাৰ নাম।

আৰু সেই সময়তে গৃহ বিভাগে চলোৱা আৰক্ষীৰ ৰদবদলত জিলাখনৰ আৰক্ষী অধীক্ষকহিচাপে দায়িত্ব প্ৰদান কৰা হয় আনন্দ মিশ্ৰক।

এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰই এছ পিৰ দায়িত্ব গ্ৰহণ কৰিয়েই হুংকাৰ তোলে নকল সোণ আৰু জালি নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে।

অপাৰেশ্যন ক্লীন লখিমপুৰ অভিযান আৰম্ভ কৰি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, ‘তেওঁলোকে ধৰা দিয়ক বুলি আমি আহ্বান জনোৱাৰ প্ৰয়োজন নাই। নিজে ধৰা দিলে ভাল, অন্যথা আমি গৈ ধৰিব লাগিলে বেলেগ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

আইপিএছ আনন্দ মিশ্ৰই এই সকিয়নীয়ে স্বাভাৱিকতে শংকিত কৰি তুলিছে লখিমপুৰৰ নকল সোণ আৰু টকাৰ ব্যৱসায়ৰ সৈতে জড়িত সকলক।

ইয়াৰ কাৰণো আছে। নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁৱত জোৰদাৰ ৰূপত চলিছিল অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰ অভিযান।

সেই সময়ত নগাঁও আৰক্ষীৰ গুলীত আহত হৈছিল কেইবাজনো ড্ৰাগছ ব্যৱসায়ী, ধৰ্ষণকাৰী আৰু অন্য অপৰাধী।

একেই অভিযান যদি আনন্দ মিশ্ৰই লখিমপুৰতো আৰম্ভ কৰে… সেই ভয়তে সকিয়নী লাভৰ পিছতে আৰক্ষী থানালৈ সোঁত বয় নকল সোণ আৰু টকাৰ বৱসায়ীৰ।

আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম ৩৬ ঘণ্টাৰ ভিতৰতে ১০ জনকৈ অপৰাধী আৰক্ষীৰ জালত পৰে।

মিছন ক্লীন লখিমপুৰ আৰম্ভ কৰাৰ ৪৮ ঘণ্টা পূৰ নৌহওঁতেই নকল সোণ আৰু জালি নোট ব্যৱসায় চক্ৰৰ সৈতে জড়িত ৫২ জন লোক আটক হয় আৰক্ষীৰ হাতত।

ইয়াৰে ২৪ জন অভিযুক্তই নিজে আহি আত্মসমৰ্পণ কৰে বঙালমাৰা, নাওবৈচা আদি আৰক্ষীৰ ওচৰত। আত্মসমৰ্পণকাৰী সকলৰ মাজত আছে এছ আই জোনমণি ৰাভাই নকল সোণৰ ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰা আজগৰ আলীও।

লখিমপুৰক অপৰাধমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। জিলাখনত এক যোগাত্মক বাতাবৰণৰ সৃষ্টি কৰি নতুন নতুন সম্ভাৱনাক উলিয়াই অনাৰ কথা দিছে তেওঁ।

আনহাতে এছ আই জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত সম্বোধন কৰা সংবাদমেলত ৩০ দিনৰ ভিতৰত নকল সোণৰ ব্যৱসায় অসমৰ পৰা উৎখাত কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

ডিজিপিয়ে দিয়া সেই প্ৰতিশ্ৰুতিকে সাৰ্থক কৰিবলৈ লখিমপুৰত এতিয়া নকল সোণ আৰু জালি নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে নামি পৰিছে এছ পি আনন্দ মিশ্ৰ। হুংকাৰ দিছে ঘৰে ঘৰে গৈ অভিযান চলোৱাৰ।

এছ পি আনন্দ মিশ্ৰৰ এই পদক্ষেপে সুখী কৰিছে লখিমপুৰবাসীক। সেয়ে আকৌ এবাৰ সকলোতে চৰ্চা হৈছে এছ পি আনন্দ মিশ্ৰৰ।

কিন্তু এইখিনিতে আন একাংশই প্ৰশ্ন উত্থাপনো কৰিছে- আজি আনন্দ মিশ্ৰৰ ভয়ত দলে বলে আহি যদি নকল সোণ ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰিছে, তেন্তে এই অবৈধ বেহা পূৰ্বৰে পৰাই চলি অহা নাছিল নে?

আৰু যদি এনে ব্যৱসায় পূৰ্বৰে পৰাই চলি আছিল, তেন্তে কাৰ আশীৰ্বাদেৰে সম্ভৱ হৈছিল এয়া? কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে?

এনে পৰিপ্ৰেক্ষিতত কেৱল নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত পুঠি-খলিহনাকে গ্ৰেপ্তাৰ কৰি আনন্দ মিশ্ৰই বাহ বাহ লৈ লাভ নাই, যিসকল ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াৰ ছত্ৰছায়াত এনে ব্যৱসায় অবাধভাৱে চলি আছিল, সেইসকলৰ বিৰুদ্ধেহে প্ৰকৃতাৰ্থত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন বুলি দাবী কৰিছে একাংশই।