নিউজ ডেস্কঃ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল জল উদ্যানলৈ। স্মৃতি ৰোমন্থনৰ বাবে উঠিছিল অক্টোপাছ থিমযুক্ত ৰাইডত। সেই সময়তে সেই ৰাইড খহি পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱ ব্যৱসায়ীয়ে।
মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ আকলুজত অৱস্থিত ছায়াজীৰাজ জল উদ্যানত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। নিহত লোকজন পুনেৰ ভীগৱান অঞ্চলৰ বাসিন্দা তুষাৰ ধুমল (৩৫) বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত তেওঁৰ বন্ধু বৈভৱ ৰূপনাৱৰ (৩০) গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আন দুজন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয়।
বুধবাৰে বিয়লি পাৰ্কৰ ব্যস্ততাৰ সময়ত ৰাইড ঘূৰি থকাৰ সময়তে হঠাতে এটা বাহু ভাঙি যায়। প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰৰ মতে, ৰাইডৰ প্ৰতিটো বাহুত চাৰিখন আসন আছিল, আৰু বাহুবোৰ ঘূৰি যোৱাৰ লগে লগে আসনবোৰো স্বতন্ত্ৰ গতিৰে ঘূৰিছিল।
দুৰ্ঘটনাৰ সময়ত এটা বাহু সম্পূৰ্ণৰূপে ভাঙি যাত্ৰীজনৰ সৈতে থকা আসনখন তললৈ পৰি যায়।
ততাতৈয়াকৈ আহতসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আকলুজৰ এখন ব্যক্তিগত চিকিৎসালয়ত তুষাৰ ধুমলক মৃত ঘোষণা কৰা হয়। মূৰৰ গুৰুতৰ আঘাতৰ বাবে অস্ত্ৰোপচাৰ কৰি চিকিৎসাধীন হৈ আছে বৈভৱ ৰূপনাৱৰ। বাকী দুজনৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।
তুষাৰৰ ভাতৃ অভিজিৎ ধুমলে থানাত লিখিত এজাহাৰ দাখিল কৰিছে। তেওঁ অভিযোগ কৰে যে ইচ্ছাকৃতভাৱে ৰাইডৰ গতি বৃদ্ধি কৰা হৈছিল আৰু ৰক্ষণাবেক্ষণৰ তীব্ৰ অভাৱ আছিল। উদ্যানখনৰ পৰিচালক, অপাৰেটৰ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ বাবে মৃত্যু হোৱা, জীৱন সংকটজনক কাণ্ড আৰু সুৰক্ষাৰ অভাৱৰ অভিযোগত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।
জানিব পৰা মতে, এই উদ্যানখন প্ৰাক্তন উপ মুখ্যমন্ত্ৰী বিজয়সিং মোহিতে পাটিলৰ ভাতৃ জয়ছিংৰাও মোহিতে পাটিলৰ মালিকানাধীন।