অসমীয়াঅসম

দুঃখবৰ! মাতৃক হেৰুওৱাৰ পিছত এতিয়া পিতৃহাৰাও হ’ল গায়িকা কমলিকা কাশ্যপ

গুৱাহাটীঃ নিঠৰুৱা হ’ল অসমৰ উদীয়মান গায়িকা কমলিকা কাশ্যপ। মাতৃক হেৰুওৱাৰ পিছত এইবাৰ কমলিকাই হেৰুৱালে পিতৃকো।

image 10

আজি গুৱাহাটীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস।

image 8

উল্লেখ্য যে, ক’ভিড মহামাৰীৰ সময়তে অসমবাসীয়ে হেৰুৱাইছিল জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক। তেওঁৰেই কন্যা কমলিকা কাশ্যপৰ গীতে-মাতে অসমীয়াই যেন পুনৰ ওভতাই পাবলৈ সক্ষম হৈছে প্ৰয়াত ভিতালী দাসক।

image 9

কিন্তু মাতৃক হেৰুওৱাৰ পিছত এতিয়া পিতৃকো হেৰুৱাই নিঠৰুৱা হৈ পৰিছে কমলিকা কাশ্যপ। এই খবৰে এতিয়া শোকাহত কৰিছে ৰাজ্যবাসীক। সামাজিক মাধ্যমযোগে শোকপ্ৰকাশ কৰিছে বহুজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *