অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! পথ দুৰ্ঘটনাত অকাল মৃত্যু জনপ্ৰিয় অভিনেতাৰ

নিউজ ডেস্কঃ মাত্ৰ ২৩ বছৰ বয়সতে জীৱন নাট সামৰিবলগীয়া হ’ল টেলিভিছন পৰ্দাৰ জনপ্ৰিয় অভিনেতা অমন জয়ছোৱালে। শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অভিনেতাজনৰ।

image 13

জানিব পৰা মতে, শুকুৰবাৰে এখন ধাৰাবাহিকৰ অডিশ্যনৰ বাবে বাইকেৰে গৈ থকা সময়তে মুম্বাইৰ যোগেশ্বৰী হাইৱে’ত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় অমনৰ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ২৩ বৰ্ষীয় অভিনেতাজনৰ।

image 12

উল্লেখ্য যে, জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ধৰতীপুত্ৰ নন্দিনী’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল অমন জয়ছোৱালৰ। মূলতঃ উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বাসিন্দা অমনে চনী টিভিৰ ‘পূণ্যশ্ৰোকা অহিল্যবাই’ ছবিখনতো অভিনয় কৰিছে।

image 11

মডেলিঙৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাজনৰ মৃত্যু নিশ্চিত কৰিছে ধৰতীপুত্ৰ নন্দিনীৰ চিত্ৰনাট্যকাৰ ধীৰাজ মিশ্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *