অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই পাঁচশ ফুট দ খাৱৈত বাগৰিল বাহন, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিশাৰ পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত গাড়ীসহ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫ জনকৈ লোকে। বৃহস্পতিবাৰে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ছিকিমৰম গালছিং জিলাৰ ৰাট’মেছ ক্লিফছ অঞ্চলত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত গাড়ীখন গাথাঙৰ পৰা আপাৰ চোংৰাং অভিমুখে গৈ আছিল। সেই সময়তে পাহাৰীয়া পথটোত চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ পৰিণতিত বাহনখন ৫০০ ফুট দ খাৱৈত বাগৰি পৰে।

৫ মৰণ

ইফালে শুকুৰবাৰে পুৱা এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত আটাইকেইজনেই পশ্চিম ছিকিমৰ ইউক্সোম-তাছিডিং বিধান সভা সমষ্টিৰ আপাৰ আৰিথাং অঞ্চলৰ বাসিন্দা। দুৰ্ঘটনাৰ সময়ত নিশা ঘৰলৈ গৈ আছিল লোক কেইজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *