এগৰাকী শিখ যুৱকৰ মূৰৰ পাগুৰিয়ে প্ৰাণ বচালে ডুবিবলৈ ধৰা এগৰাকী যুৱতীৰ

নিউজ ডেস্কঃ শিখসকলৰ স্বাভিমানৰ প্ৰতীক পাগুৰি। কোনো শিখেই নিজৰ মূৰৰ পাগুৰি নোখোলে। কোনোৱে পাগুৰিত হাত দিলে সেয়া শিখৰ বাবে অপমান বুলি গণ্য কৰা হয়। কিন্তু সেই পাগুৰিয়েই আজি জীৱন বচালে এগৰাকী যুৱতীৰ। খালত পৰি ককবকাই থকা এগৰাকী ২০ বৰ্ষীয় যুৱতীৰ জীৱন ৰক্ষা কৰিলে এগৰাকী শিখ যুৱকে। নিজৰ মূৰৰ পাগুৰি খুলি খাললৈ দলিয়াই যুৱকজনে ৰক্ষা কৰে যুৱতীগৰাকীৰ প্ৰাণ।

হাৰিয়ানাৰ যমুনানগৰৰ হামিদা হেডত সংঘটিত হয় এই ঘটনা। ডুবিবলৈ ধৰা যুৱতীগৰাকীৰ জীৱন বচোৱা সেই শিখ যুৱকজনৰ নাম হৈছে নিৰ্মল সিং। তেওঁ জানিবলৈ দিয়া মতে, হামিদা হেডৰ খালত উটি গৈছিল যুৱতীগৰাকী। তাইক ডুব যোৱা দেখি তেওঁ খালটোত জপিয়াই পৰে, কিন্তু অত্যধিক পানীৰ বাবে আগবাঢ়িব নোৱাৰিলে। তাৰ পাছত পাগুৰিটো খুলি যুৱতীগৰাকীৰ ফালে দলিয়াই দিয়ে আৰু তাৰ সহায়ত যুৱতীগৰাকীক উদ্ধাৰ কৰে। যুৱতীগৰাকী পুৰণি হামিদাবাদ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

হামিদা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ছামশ্বেৰ সিঙে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ অৱস্থা এতিয়াও নিশ্চিত নহয়। খালৰ পৰা উদ্ধাৰ কৰাৰ পিছতে তেওঁক অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁ কিদৰে খালত পৰিল তাক লৈও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Comment