নিউজ ডেস্কঃ একমাত্ৰ কন্যাৰ এবছৰীয়া জন্মদিন উদযাপনৰ মাজতে সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা। মাজনিশা এটা ১৩ বছৰ পুৰণি অবৈধ বহুমহলীয়া অট্টালিকা ভাঙি পৰাত জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে কণমানি আৰু মাতৃয়ে। এই ভয়ংকৰ দুৰ্ঘটনাত এপাৰ্টমেণ্টটোৰ আন ১৩ জন লোকো নিহত হয়। বুধবাৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বীৰাৰ ৰামাবাই এপাৰ্টমেণ্টত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাত এটা সম্পূৰ্ণ পৰিয়াল বিধ্বস্ত হৈ পৰে, শিশুটিৰ পিতৃ এতিয়াও সন্ধানহীন হৈ আছে।
বুধবাৰে নিশা ১২:০৫ বজাত বিজয় নগৰৰ চাৰি মহলীয়া অট্টালিকাৰ পিছফালৰ অংশ হঠাতে ভাঙি পৰে। অট্টালিকাৰ ভিতৰতে এটা পৰিয়ালে নিজৰ এবছৰীয়া কন্যা সন্তানৰ জন্মদিন উদযাপন কৰি আছিল। কেক কাটি আলহীসকলে ফটো তুলি আছিল সেই সময়ত। কিন্তু ঠিক তেতিয়াই তাচপাতৰ দৰে খহি পৰে অট্টালিকাটো। দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাত এবছৰীয়া উৎকৰ্ষ জয়াল আৰু তেওঁৰ ২৪ বছৰীয়া মাতৃ আৰোহী জয়ালৰ মৃত্যু হয়। এতিয়াও সন্ধানহীন হৈ আছে কণমানিটিৰ পিতৃ ওমকাৰ জয়াল।
ইফালে, ২০১২ চনত নিৰ্মিত ৫০ ফ্লেটৰ এই গঠন সম্পূৰ্ণ অবৈধ বুলি নিশ্চিত কৰিছে ভাছাই বীৰাৰ পৌৰ নিগমে। ভাঙি পৰা ১২টা ফ্লেট ওচৰৰ খালী ঠাইত পৰি যোৱাৰ ফলত এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়। ভিৰ কৰা অঞ্চলটোৱে প্ৰথমে উদ্ধাৰ অভিযানত গধুৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰাত বাধা দিয়াৰ ফলত প্ৰাৰম্ভিক পৰ্যায়ত কামটো হাতেৰে কৰা হয়।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ভিভিএমচি অগ্নিনিৰ্বাপক বাহিনীৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃত্যু হোৱা ১৫ জনৰ ভিতৰত ৬ জনৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে বাকীসকলৰ মৃতদেহ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত ৬ জন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আনহাতে, কৰ্তৃপক্ষই ওচৰৰ অট্টালিকাৰ পৰাও বাসিন্দাসকলক উলিয়াই আনি স্থানচ্যুত পৰিয়ালসমূহক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰিছে। ঘটনা সন্দৰ্ভত অট্টালিকা নিৰ্মাতাক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰা হৈছে।









