অসমীয়াআন্তঃৰাষ্ট্ৰীয়

অদ্ভূত ভালপোৱা! কয়দী মিজানুৰৰ মুক্তিৰ পিছত কাৰাগাৰৰ পৰা লগতে গুচি আহিল এহাল পাৰ চৰাই

নিউজ ডেস্কঃ প্ৰেমৰ বাবে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰা যুৱক-যুৱতীৰ বহু কাহিনী হয়তো আপুনি শুনিছে।

প্ৰেমত পৰিয়েই কেইবাশ মাইল ভ্ৰমণ কৰি এগৰাকী যুৱতী বাংলাদেশৰ পৰা ভাৰতত উপস্থিত হোৱাৰ কাহিনীও হয়তো আপোনাৰ মনত আছে।

এনে কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে- আচলতে প্ৰেম সঁচাই পৰিধিবিহীন। প্ৰেম এক স্বাস্বতঃ অনুভূতি।

কিন্তু এইবাৰ ঘটিল এক ব্যতিক্ৰমী ঘটনা।

অকৃত্ৰিম ভালপোৱাৰ টান এৰিব নোৱাৰি এইবাৰ বাংলাদেশৰ জেচোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কয়দী মিজানুৰ ৰহমানৰ ঘৰলৈ লগতে গুচি আহিল এহাল পাৰ চৰাই।

image 142

উল্লেখ্য যে, এটা হত্যাৰ গোচৰত অভিযুক্ত হৈ প্ৰায় ২৩ বছৰ কাৰাবাস খটাৰ পিছত যোৱা ২ জুনত মুকলি আকাশৰ তললৈ ওলাই আহে মিজানুৰ ৰহমান।

কাৰাবাসৰ সময়ত জেচোৰ কেন্দ্ৰীয় কাৰাগাৰত থকা সময়ছোৱাত মিজানুৰৰ সংগী আছিল এজাক পাৰ চৰাই। তেওঁ সদায় তেওঁলোকক খাদ্য দিছিল।

তাৰ ফলতেই ইয়াৰে দুটা পাৰৰ সৈতে মিজানুৰৰ গঢ়ি উঠিছিল এক এৰাব নোৱাৰা সম্পৰ্ক ।

মিজানুৰে পাৰ চৰাই দুটিৰ নাম ৰাখিছিল ‘ৰাজা’ আৰু ‘যাদৱ’। জেচোৰে কেন্দ্ৰীয় কাৰাগাৰতে জন্মলাভ কৰিছিল দুয়োটি পাৰ চৰাইয়ে।

image 143

সুদীৰ্ঘ ২৩ বছৰ কাৰাবাস খটাৰ পিছত ৪৭ বছৰ বয়সত যেতিয়া মিজানুৰ মুকলি হৈ ঘৰলৈ উভতি আহে, সেই সময়ত তেওঁৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদ এৰে ৰাজা আৰু যাদৱ নামৰ পাৰ হালেও।

মিজানুৰ ৰহমানে প্ৰকাশ কৰা মতে, তেওঁৰ ৰাজা আৰু যাদৱৰ প্ৰতি এক বেলেগ ধৰণৰ মৰম আছিল। মিজানুৰৰ মুক্তিৰ তাৰিখ ২ জুনত নিৰ্ধাৰণ কৰাৰ সময়তেই মিজানুৰৰ সেই দুটা পাৰৰ প্ৰতি চিন্তা আৰম্ভ হৈছিল।

অৱশেষত যেতিয়া কাৰাগাৰৰ পৰা ওলাই আহিছিল কাৰাগাৰ কৰ্তৃপক্ষক অনুৰোধ কৰি ৰাজা আৰু যাদৱকো তেওঁৰ সৈতে লৈ আহিছিল। তেতিয়াৰ পৰা মিজানুৰ ৰহমানৰ নতুন জীৱন পাৰ দুটাৰ সৈতে আৰম্ভ হৈছে।

image 141

মিজানুৰৰ ঘৰত একেটা কোঠালিতে মিজানুৰৰ সৈতে বাস কৰিছিল পাৰ হালেও। কিন্তু দুৰ্ভাগ্যবশতঃ ৭ জুনত মিজানুৰৰ ঘৰৰ চিলিং ফেনত লাগি যাদৱ নামৰ পাৰটিৰ মৃত্যু ঘটে।

সংগীৰ মৃত্যুৰ পিছত শোকবিহ্বল হৈ পৰে মিজানুৰ। বহু দিনলৈকে খোৱা-বোৱা তেওঁ এৰি পেলায়। অৱশ্যে ৰাজা নামৰ আনটি পাৰ এতিয়াও মিজানুৰৰ লগত আছে।

ঝিনাইদাহ কাৰাগাৰৰ অধীক্ষক আনোৱাৰ হোছেইনে জনোৱা মতে মিজানুৰে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়ত পাৰ হাল ঘৰলৈ লৈ যাবলৈ অনুৰোধ কৰিছিল।

যিহেতু এই ক্ষেত্ৰত কোনো আইনী বাধা নাই, গতিকে তেওঁক পাৰ হাল লৈ যাবলৈ অনুমতি দিয়া হৈছিল।

One thought on “অদ্ভূত ভালপোৱা! কয়দী মিজানুৰৰ মুক্তিৰ পিছত কাৰাগাৰৰ পৰা লগতে গুচি আহিল এহাল পাৰ চৰাই”

Comments are closed.