২১ গৰাকী দিব্যাঙ্গক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজনেৰে জন্মদিন পালন কৰিলে শুভকৰণ বাফনাই

গুৱাহাটীঃ ‘লাখুটিত ভৰ দি যেতিয়া কোনো দিব্যাঙ্গ মানুহ আমাৰ কেন্দ্রলৈ আহি বিনামূলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পুৰী ভৰি সংযোজন কৰি নিজ ভৰিত খোজ কাঢ়ি মুখত এমোকোৰা হাঁহি লৈ নিজ ঘৰলৈ প্রত্যাবর্তন কৰে, তেতিয়া তাৰ হাঁহিভবা মুখ চাই এনে ভাব হয় যেন তেওঁ সংসাৰৰ আটাইতকৈ মূল্যবান বস্তু লাভ কৰি অতিশয় সন্তুষ্ট হৈছে।’ বিশিষ্ট সমাজসেবী শুভকৰণ বাফনাই আমিনগাঁও স্থিত তোলাৰাম বাফনা কৃত্রিম ভৰি ও কেলিপাৰ কেন্দ্রত শুক্রৱাৰে নিজৰ জন্মদিন উপলক্ষে ২১ গৰাকী দিব্যাঙ্গ ব্যক্তিক বিনামুলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পুনী ডনি সংযোজন কৰি অনুষ্ঠানত উপস্থিত থকা দিব্যাঙ্গ আৰু শুভাকাংক্ষী সকলৰ সম্মুখত নিজ মনৰ ভাব প্রকাশ কৰি এনে দনে কয়। স্ত্রী বাফনাই কয় যে তেখেতৰ পিতৃয়ে মৃত্যুৰ আগমূহুর্তত পৰিয়ালবর্গক উপদেশ দি কৈছিল যে ‘আনৰ কল্যাণৰ বাবে কাম কৰিলে তোমালোকৰো কল্যাণ হ’ব।’ পিতৃৰ অন্তিম শব্দ কেইটাই শুভকৰণৰ জীৱনৰ গতি পথ সলনি কৰি দিলে আৰু তেখেতে জীৱনৰ অবশিষ্ট দিন মানুহৰ কল্যাণৰ কামতে অতিবাহিত কৰাৰ সিদ্ধান্ত ল’লে। এনে দৰে আৰম্ভ হ’ল উত্তৰ-পূবক দিব্যাঙ্গমুক্ত কৰাৰ মহা-অভিমান।

অসমৰ বিশিষ্ট সাহিত্যিক জ্ঞানপীঠ বঁটা বিজয়ী অসম সাহিত্য সভ্যব প্রাক্তন সভাপতি বীৰেন্দ্র কুমাৰ ভট্টাচার্যই ৩১ মার্চ ১৯৯১ তাৰিখে গুৱাহাটীৰ আমিনগাঁৱত তোলাৰাম বাফনা কৃত্রিম ভৰি ও কেলিপাৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। বর্তমানলৈ উক্ত কেন্দ্রত ১০৯৭০ গৰাকী দিব্যাঙ্গ ব্যক্তিক বিনামূলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পুৰী ভৰি ও কেলিপাৰ সংযোজন কৰি বিকলাঙ্গতাৰ অভিশাপৰ পৰা মুক্ত কৰা হৈছে।

WhatsApp Image 2025 02 01 at 18.47.54 6307a205
২১ গৰাকী দিব্যাঙ্গক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজনেৰে জন্মদিন পালন কৰিলে শুভকৰণ বাফনাই 3

স্মর্তব্য যে এই কেন্দ্রৰ শুভাৰম্ভৰ পূর্বে উত্তৰ-পূবত কৃত্রিম ভৰি সংযোজনৰ কোনো ব্যবস্থা নথকাত অঞ্চলটোৰ দিব্যাঙ্গ সকলে কৃত্রিম ভবি সংযোজনৰ বাবে জয়পুর, দিল্লী, হায়দৰাবাদ আদি বিভিন্ন প্রদেশলৈ গৈ অতিশয় কষ্ট ভোগাৰ লগতে খৰচান্ত হ’ব লগা হৈছিল। আর্থিক অনাটন আক নানানটা অসুবিধাৰ বাবে বহু লোকে কৃত্রিম ভৰি সংযোজন কৰিব নোৱাৰি ওৰে জীৱন লাখুটি লৈয়েই অতিবাহিত কৰি অশেষ কষ্ট ভুগিব লগা হৈছিল। গুৱাহাটীত তোলাৰাম বাফনা কৃত্রিম ভৰি কেন্দ্র প্রতিষ্ঠাৰ পিছতে উত্তৰ-পূৰেই নহয় চুবুৰীয়া ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি দেশৰ দিব্যাঙ্গ সকলেও বিনামূলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পূৰী ভৰি সংযোজন কৰি বিকলাঙ্গতাৰ অভিশাপৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

বিগত শুক্রবাৰে নিজৰ জন্মদিন উপলক্ষে উপস্থিত দিব্যাঙ্গ আৰু শুভাকাংক্ষী সকলৰ আগত নিজৰ মনৰ ভাব প্রকাশ কৰি শ্রী বাফনাই কয় যে ফলৰ আশা নকৰি সকলোকে সেৱা কৰাই নিষ্কাম সেৱাৰ আধাৰ। কৃত্রিম ভবি কেন্দ্র স্থাপনৰ পিছত মই অনুভৱ কৰিছোঁ যে দৰাচলতে মানুহক সেৱা কৰাৰ দৰে সুখ আৰু আন একো নাই। সংসাৰৰ সকলো ধর্মই কয় যে দুখীয়াক সেৱা কৰিলে, এই জীৱনতে স্বর্গ সুখ লাভ কৰিব পানে।

WhatsApp Image 2025 02 01 at 18.46.43 68243e22
২১ গৰাকী দিব্যাঙ্গক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজনেৰে জন্মদিন পালন কৰিলে শুভকৰণ বাফনাই 4

এই উপলক্ষে নিজৰ মন্তব্য প্রকাশ কৰি তোলাৰাম বাফনা চিভিল হস্পিটেলৰ মুখ্য কার্যকৰী অধিকাৰী স্ত্রী বিমান বৰাই কয় যে শুভকৰণ বাফনা অতিশয় সুহৃদয় আৰু মানৱতাৰ বাবে সর্বোচ্চ ত্যাগ কৰা ব্যক্তি। তেখেতৰ দৰে ব্যক্তি সকলৰ বাবে আজি আমাৰ সমাজ বিকাশৰ পথত অগ্ৰসৰ হৈছে। তেখেতে কয় যে মানৱতাৰ প্রতি শ্রী বাফনাৰ অন্তৰত যি তাড়না আছে, সেয়া অতিশয় প্রশংসনীয়। তোলাৰাম বাসনা চিভিল হস্পিটেলৰ নিৰ্মাণৰ পৰা বর্তমান অবস্থালৈ উপনীত হোৱাত শ্রী বাফনাৰ অবদান অনস্বীকার্য। ৮ জানুৱাৰী ২০০৭ তাৰিখে অসম চৰকাৰৰ সৈতে সম্পাদিত চুক্তিৰ পিছত শ্রী বাফনাই প্রদান কৰা ভূমি আৰু অট্টালিকাত এই চিকিৎসালয়ৰ শুভাৰম্ভ কৰা হৈছে, য’ত আজি অসংখ্য লোকে সুলভ আৰু উন্নত চিকিৎসা সুবিধা লাভকৰিছে। তেখেতে কয় যে স্বাস্থ্য সেৱা উৎসৱত উক্ত চিকিৎসালয়ে জনসাধাৰণক প্ৰদান কৰা উচ্চ মানৰ সেৱাৰ বাবে প্রথম শ্রেণীৰ পুৰস্কাৰ লাভ কৰিছে, যি আমাক গৌৰৱান্বিত কৰিছে। তেওঁ কয় যে অসম চৰকাৰে এই চিকিৎসালয়খনক উন্নীত কৰি ১১০ বিছনাযুক্ত চিকিৎসালয়ৰ নির্মাণ কৰিবলৈ লৈছে, য’ত জনসাধাৰণে উন্নত মানৰ চিকিৎসা সুবিধা লাভ কৰিব পাৰিব। অসম চৰকাৰ আৰু নাৰায়ণা হৃদয়ালয়ৰ মাজত সম্পাদিত এক চুক্তি অনুযায়ী বাফনা পৰিয়ালে প্রদান কৰা ভূমি আৰু ভাত ১২ মে’ ২০১৫ তাৰিখৰ পৰা নাৰায়ণা-বাফনা চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ শুভাৰম্ভ কৰা হৈছে, য’ত জনসাধাৰণক সুলভ মূল্যত অত্যাধুনিক চিকিৎসা সুবিধা প্রদান কৰা হৈছে।

বিগত বছৰবোৰত অসমৰ প্রাক্তন ৰাজ্যপাল লোকনাথ মিশ্র, বাজ্যপাল পি. বি. আচার্য, ৰাজ্যপাল শিবচৰণ মাধুৰ, ডঃ হিমন্তবিশ্ব শর্মা, মুখা ন্যায়াধীশ বনৱাৰী লাল চৰাফ, প্রাক্তন গৃহমন্ত্রী ভণ্ড কুমাৰ ফুকন, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱকান্ত বৰুৱা, কনকসেন ডেকা আদি বিশিষ্ট ব্যক্তি সকলে বাফনা কেন্দ্র পরিদর্শন কৰি ইয়াত দিব্যাঙ্গ সকলক প্রদান কৰা সুবিধাৰ বাবে বাফনা পৰিয়ালক ভূয়সী প্রশংসা কৰিছে।

Leave a Comment