নলবাৰীঃ “মন কৰিলে চন, বাকৰা মাটিতো ধন” — এই কথাষাৰে যেন জীৱন্ত ৰূপ লৈছে নলবাৰীৰ সানেকুছি গাঁৱত। ভাৰতীয় নৌসেনাৰ পৰা অৱসৰ পিছত এতিয়া খেতিপথাৰত সপোনৰ বীজ সিঁচাত ব্যস্ত হৈ পৰিছে নলবাৰীৰ কমলেশ চন্দ্ৰ চৌধুৰীয়ে। নিজৰ পৈতৃক গাঁৱত সৰিয়হ খেতি কৰি অঞ্চলটোৰ আন যুৱক আৰু কৃষকৰ মনতো আশাৰ সঞ্চাৰ ঘটাইছে ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, ১৯৭৪ চনত ভাৰতীয় নৌসেনাত এক্টিং চাব-লেফটেনেন্ট হিচাপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰীয়ে ৩৫ বছৰীয়া সেৱাৰ শেষত ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে। তাৰপিছত তেওঁ অসম চৰকাৰৰ সৈনিক কল্যাণ সঞ্চালক হিচাপে আঠ বছৰ কাম কৰি ২০১৭ চনত পুনৰ অৱসৰ লয়। নৌসেনাত থকা সময়ত বিশ্বৰ ৩৫খনতকৈও অধিক দেশ ভ্ৰমণ কৰা চৌধুৰীয়ে তাত দেখা কৃষি আৰু মীন পালনৰ অভিজ্ঞতা নিজৰ গাঁৱত প্ৰয়োগ কৰিছে।

সানেকুছি গাঁৱৰ পৈতৃক ভূমিত চৌধুৰীয়ে এতিয়া কৃষি আৰু মীন পালনৰ জৰিয়তে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে। ছয় বিঘা মাটিত ফাৰ্ম হাউছ গঢ়ি তোলাৰ লগতে আন ১০ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে। এইবাৰ ১০ বিঘা মাটিত সৰিয়হৰ খেতি কৰা চৌধুৰীয়ে আগতে ছয় বিঘা মাটিতহে সৰিয়হৰ খেতি কৰিছিল। ফেব্ৰুৱাৰীৰ শেষ বা মাৰ্চৰ প্ৰথম সপ্তাহত সৰিয়হ চপাই তেল উলিয়াব পৰা হ’ব বুলি মন্তব্য কৰে চৌধুৰীয়ে।
চৌধুৰীৰ ফাৰ্ম হাউছৰ বাহিৰত এখন বিশাল হালধীয়া দলিছাৰ ৰূপ লৈছে সৰিয়হৰ খেতিয়ে। উল্লেখ্য যে বিগত কেইটামান বছৰত মাজে সময়ে হোৱা প্রলয়ংকাৰী বানত অঞ্চলটোৰ বহু কৃষকে খেতিপথাৰ, ঘৰ-বাৰী পৰ্য্যন্ত সকলো হেৰুৱাব লগা হৈছিল। অঞ্চলবাসীৰ অনুপ্ৰেৰণা হৈ পৰা চৌধুৰীয়ে প্ৰতি সপ্তাহত এদিন বা দুদিন সানেকুছিত নিজৰ ফাৰ্ম হাউছত থাকি নিজৰ সৰিয়হ খেতিৰ লগতে আন কৃষক সকলকো বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে।

এইক্ষেত্ৰত তেওঁক সহধৰ্মিনী মৃণালিনী চৌধুৰী, দুই বিবাহিতা জীয়াৰী ক্ৰমে সুস্মিতা চৌধুৰী আগৰৱালা আৰু মৃদুস্মিতা চৌধুৰীয়ে সদায় অনুপ্ৰেৰণা যোগাই আহিছে। যাৰ বাবে ৭৩টা বসন্ত অতিক্ৰম কৰাৰ পাছতো নিজকে এজন চফল ডেকাৰ দৰে অনুভৱ কৰি নতুন উদ্যমৰে কাম কৰাৰ বাবে উৎসাহ লাভ কৰি অহা বুলি কমলেশ চন্দ্ৰ চৌধুৰীয়ে সদৰি কৰে।
উল্লেখযোগ্য যে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে চৌধুৰীৰ ভাৰতীয় নৌ সেনাত সুখ্যাতিৰে ৩৫টা বছৰ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰায় পাঁচ বছৰ পূৰ্বে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ দিশটো তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। যিটো দায়িত্ব চৌধুৰীয়ে চৰকাৰৰ পৰা এপইছাও নোলোৱাকৈ অতি নিষ্ঠা সহকাৰে পালন কৰি আহিছে। আনকি ভাৰতীয় সেনা, নৌ সেনা আৰু বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাকে ধৰি অসমৰ বহু অৱসৰী বিষয়াইও মাজে সময়ে ফাৰ্ম হাউছ চাবলৈ আহে বুলি সদৰি কৰে কমলেশ চন্দ্ৰ চৌধুৰীয়ে। ইফালে সৰিয়হ চপোৱাৰ পিছত সেই মাটিতে ধান খেতি কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।