অসমীয়াৰাষ্ট্ৰীয়

নিষ্ঠুৰ নিয়তি! ভুল দিশেৰে অহা ট্ৰাকৰ খুন্দাত মৃত্যু পিতা-পুত্ৰৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এহাল পিতা-পুত্ৰই। সোমবাৰে নিশা উত্তৰ প্ৰদেশৰ হৰদৈৰ বাঘাউলী থানাৰ অন্তৰ্গত লক্ষ্ণৌ-পালিয়া ঘাইপথত ভুল দিশেৰে অহা এখন ট্ৰাকৰ সৈতে এখন স্ক’ৰপিঅ’ৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় এগৰাকী সেনা জোৱান আৰু তেওঁৰ দুবছৰীয়া পুত্ৰই। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কনিষ্টবল পত্নীও।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিওজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই প্ৰাণ এৰে সেনা জোৱান শ্যাম ৰাজা সিঙ আৰু তেওঁলোকৰ দুবছৰীয়া পুত্ৰ লক্ষ্যপ্ৰতাপ সিঙে। বৰ্তমান হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পত্নী ৰেশু সিং।

WhatsApp Image 2025 01 28 at 12.51.11 09c68983

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৩৪ বৰ্ষীয় সেনা জোৱান শ্যাম ৰাজা সিং দিল্লীত কৰ্তব্যৰত আছিল। আনহাতে তেওঁৰ পত্নী কনিষ্টবল ৰেশু সিং (৩০) আছিল শ্বাহজানপুৰৰ পুলিচ লাইনত কৰ্মৰত। সোমবাৰে ৰাজা সিঙে পত্নী আৰু পুত্ৰৰ সৈতে শ্বাহজাহানপুৰৰ পৰা ৰায়বৰেলীলৈ স্ক’ৰপিঅ’ৰে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।

WhatsApp Image 2025 01 28 at 12.51.27 82cdacbf

ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক এৰি পলায়ন কৰে চালকজনে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ মতে ঘাইপথত বিপৰীত দিশৰ পৰা অহা যান-বাহনৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাই অঞ্চলটোৰ ওপৰত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *