৭৯ সংখ্যক স্বাধীনতা দিৱসত নিজৰে অভিলেখ ভংগ প্ৰধানমন্ত্ৰী মোদীৰ, ইতিহাসৰ পৃষ্ঠাত এনেদৰে লিখিলে নাম…

নিউজ ডেস্কঃ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা আটাইতকৈ দীঘলীয়া ভাষণ দি ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ভাষণৰ নিজৰে অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে তেওঁ ১০৩ মিনিট দীঘলীয়া ভাষণ প্ৰদান কৰি ভাৰতৰ ইতিহাসত প্ৰধানমন্ত্ৰীয়ে দিয়া আটাইতকৈ দীঘলীয়া ভাষণ হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে যোৱা বছৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত তেওঁৰ ৯৮ মিনিটৰ ভাষণ আছিল আটাইতকৈ দীঘলীয়া।

ইন্দিৰা গান্ধীৰ অভিলেখ অতিক্ৰম কৰি প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ১২ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে আজি মোদীয়ে। অৱশ্যে একেৰাহে ১৭ বাৰ দেশবাসীক সম্বোধন কৰি এই তালিকাৰ শীৰ্ষত আছে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। ইফালে, ২০১৬ চনত মোদীৰ আটাইতকৈ দীঘলীয়া ভাষণ আছিল ৯৬ মিনিটৰ। আনহাতে, ২০১৭ চনত তেওঁ মাত্ৰ ৫৬ মিনিটৰ আটাইতকৈ চুটি ভাষণ দিছিল।

আন প্ৰধানমন্ত্ৰীসকলেও ভাৰতৰ স্বাধীনতা দিৱসৰ ইতিহাসত দীঘলীয়া আৰু চুটি ভাষণ আগবঢ়াইছে। ১৯৪৭ চনত জৱাহৰলাল নেহৰুৱে ৭২ মিনিটৰ ভাষণ দিছিল আৰু ১৯৯৭ চনত আই কে গুজৰালে ৭১ মিনিটৰ ভাষণ দিছিল। আনহাতে আটাইতকৈ চুটি ভাষণৰ অভিলেখো আছে নেহৰু (১৯৫৪ চনত ১৪ মিনিট) আৰু ইন্দিৰা গান্ধী (১৯৬৬ চনত ১৪ মিনিট) নামত। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০১২ আৰু ২০১৩ চনত ক্ৰমে ৩২ আৰু ৩৫ মিনিটৰ চুটি ভাষণ প্ৰদান কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে ২০০২ আৰু ২০০৩ চনত ক্ৰমে ২৫ আৰু ৩০ মিনিটৰ ভাষণ প্ৰদান কৰিছিল।

Leave a Comment