জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাক প্ৰভাতী অসমৰ ‘নিষ্ঠা সেৱা বঁটা’ প্ৰদান

গুৱাহাটীঃ অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্রভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা-কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত ২০২০ চনৰ ১৬ জানুৱাৰীত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমে পাঁচটা বছৰৰ খোজ দিলে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংবাদ গোষ্ঠীটোৱে একাংশ বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানৰ লগতে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে গুৱাহাটী উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দুই ফেব্ৰুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে এক মনোজ্ঞ অনুষ্ঠান।

এই উপলক্ষে সুপ্রভাত নামেৰে এখন মুখপত্র প্রকাশ কৰে। অনুষ্ঠানত চিৰসেউজ অভিনেত্রী চেতনা দাসলৈ আগবঢ়ায় লাচিত বৰফুকন-ইছমাইল ছিদ্দিকি সমন্বয় বঁটা আৰু বৰলুইত বঁটাৰে সন্মানিত কৰে দক্ষিণ কামৰূপৰ গৌৰৱ লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভাক।

অসমৰ বিভিন্ন প্ৰান্তৰ একাধিক প্রশাসনিক বিষয়া, সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীলৈ আগবঢ়োৱা হৈছে নিষ্ঠা সেৱা বঁটা। ২০২৪-২৫ বৰ্ষৰ বাবে ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা, প্রশাসনিক বিষয়া কল্যাণ পাঠক, দক্ষিণ কামৰূপ অঞ্চলৰ ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ সাংবাদিক ভগৱান দাস, ‘আমাৰ অসম’ৰ দক্ষিণ কামৰূপৰ সাংবাদিক ধীৰাজ কুমাৰ দাস, বলেন কলিতা, বিশ্বজিৎ দাস, দীপক চন্দ্র কলিতা, নিৰেণ চন্দ্ৰ মালী, হিতেন মালী, নাট্যকাৰ-অভিনেতা ৰঞ্জিত দাস, কণ্ঠশিল্পী প্রণিতা তালুকদাৰ, জ্যোতিষী অপূৰ্ব দেৱ শৰ্মা, আৰক্ষী বিষয়া অমৰজ্যোতি কাকতি, সমাজসেবক ৰিয়াজ আলীক নিষ্ঠা সেৱা বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক মায়াৰাম দাস, অমৃত কলিতা, অধ্যাপক ডঃ কেশৱ কলিতা, খো-খো বিশ্বকাপ খেলৰ প্ৰথম অসমীয়া মহিলা ৰেফাৰী ৰূপা দাস, আৰক্ষী বিষয়া অৰূপ পাঠকক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। দক্ষিণ কামৰূপ ক্রীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে শ্বহীদ তর্পনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ সাংস্কৃতিক মঞ্চৰ দ্বাৰ মুকলি কৰে যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই। আনহাতে বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক খনীন কলিতাই।

সভাত মুখপত্র ‘সুপ্রভাত’ উন্মোচন কৰে প্ৰাক্তন স্বাস্থ্যমন্ত্রী তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই। অনুষ্ঠানত সুনীল দাসৰ কাব্য সংকলন ‘প্রিয়তমা’ উন্মোচন কৰে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভাই। অনুষ্ঠানতে সুপ্রভাত সম্পাদনা সমিতিৰ সভাপতি বিপুল দাস, সম্পাদক কিশোৰ কুমাৰ কলিতা, সুনীল দাসৰ লগতে সম্পাদনা সহযোগী জিতুমণি দাসকো সম্বর্ধনা জনোৱা হয়।

বঁটা বিতৰণী সভাত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামী, কংগ্রেছ নেত্রী মীৰা বৰঠাকুৰ, অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামী, কামৰূপ সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ চহৰীয়া, আমাৰ অসমৰ সাংবাদিক দিগন্ত বৰদলৈ আদিকে ধৰি ভা সংখ্যক লোক উপস্থিত থাকে।

Leave a Comment