চলি থকা বিয়াৰ মাজতে কনিষ্টবল কইনাৰ গালত প্ৰচণ্ড চৰ দাৰোগা দৰাৰ, চাকৰিৰ পৰা নিলম্বন

নিউজ ডেস্কঃ চলি থকা বিয়াৰ মাজতে ভাৱী পত্নীৰ গালত প্ৰচণ্ড চৰ শোধালে ভাৱী স্বামীয়ে। বিহাৰৰ নাবাদা জিলাত সংঘটিত এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, ২০২৩ চনৰ পৰা নাবাদাৰ দাৰোগা শচীন কুমাৰ আৰু কনিষ্টবল সুমন কুমাৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। সম্পৰ্ক গভীৰ হোৱাৰ লগে লগে দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কও গঢ় লৈ উঠে। এই সময়ছোৱাত সুমন অন্তঃসত্বা হয়। তাৰ পিছত তেওঁ দাৰোগা শচীন কুমাৰৰ ওপৰত বিয়াৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে।

কনিষ্টবল সুমন কুমাৰীৰ সৈতে প্ৰথমে শচীনে প্ৰথমে বিয়াৰ বাবে অস্বীকাৰ কৰে যদিও মহিলা কনিষ্টবলগৰাকীয়ে আইনী ব্যৱস্থা লোৱাৰ ভয় দেখুওৱাৰ পিছত অৱশেষত বিয়াৰ বাবে ৰাজী হয় শচীন কুমাৰ। পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্মতি সাপেক্ষে তেওঁলোকৰ বিয়াৰ দিনো নিৰ্ধাৰণ কৰা হয়।

কিন্তু দুয়োৰে মাজত বিবাহ অনুষ্ঠান চলি থকাৰ সময়তে কইনা সুমনৰ গালত প্ৰচণ্ড চৰ শোধায় দাৰোগা দৰা শচীন কুমাৰে। দাৰোগাজনৰ এই আচৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে শচীনক চাকৰিৰ পৰা নিলম্বন কৰা হয়।

শচীনৰ পৰিয়ালৰ সদস্যই কয় যে এই বিয়াখনক লৈ একেবাৰে সন্তুষ্ট নাছিল শচীন কুমাৰ। এনে পৰিপ্ৰেক্ষিততে তেওঁ বিয়াৰ শেষ মুহূৰ্তত সুমনক শাৰীৰিকভাৱে অপদস্থ কৰি বিয়াখন ভাঙিবলৈ চেষ্টা চলাইছিল। কিন্তু এজন দাৰোগাৰ এনে আচৰণে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Comment