অসমীয়াআন্তঃৰাষ্ট্ৰীয়

ৱাশ্বিংটনৰ ওপৰত এইবাৰ বেইজিঙৰ প্ৰতিশোধ! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ চীনৰ

নিউজ ডেস্কঃ আমেৰিকাৰ শুল্ক বৃদ্ধিৰ সিদ্ধান্তৰ পিছত এইবাৰ প্ৰত্যুত্তৰ দিলে চীনে। ৱাশ্বিংটনৰ একপক্ষীয় নীতিৰ প্ৰতিবাদত বেইজিঙে এতিয়া আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰিবলৈ ওলাইছে। চীনৰ ছি জিনপিং প্ৰশাসনে কয়লা আৰু প্ৰাকৃতিক গেছৰ ওপৰত ১৫ শতাংশ শুল্ক আৰু খাৰুৱা তেল, কৃষি সঁজুলি আৰু বৃহৎ যান-বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰিও চীন চৰকাৰে আমেৰিকান কোম্পানী গুগলৰ বিৰুদ্ধে আস্থা ভংগৰ অভিযোগ উত্থাপন কৰি তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ প্ৰযুক্তি খণ্ডৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্যৰেই চীনে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে বিশেষজ্ঞসকলে। ৱাশ্বিংটনৰ সৈতে হোৱা বাণিজ্য যুদ্ধৰ পৰিপ্ৰেক্ষিতত বেইজিঙৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে, চীনত গুগল সাধাৰণতে নিষিদ্ধ যদিও তেওঁলোকে কিছুমান বিশেষ কোম্পানীৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি আহিছে। এতিয়া চীনে আমেৰিকাৰ প্ৰযুক্তি কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ সাজু হৈছে। ইফালে, বৰ্তমান মেক্সিকো আৰু কানাডা আমেৰিকাৰ শুল্কৰ পৰা ৰেহাই পাইছে যদিও চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত এতিয়াও বাহাল আছে।

এই পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছি জিনপিঙৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিব পাৰে বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে। সেই পৰিস্থিতিত চীনে আমেৰিকাক পাঠ শিকাবলৈ প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বেইজিঙে দাবী কৰিছে যে আমেৰিকাৰ শুল্ক নীতিয়ে বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰিছে আৰু ই দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কৰ ক্ষতি কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আগন্তুক নিৰাপত্তা পৰিষদৰ বৈঠকত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ মাজত এই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰত ট্ৰাম্প-জিনপিঙৰ বৈঠক হ’ব পাৰে বুলিও ইংগিত পোৱা গৈছে। মন কৰিবলগীয়া যে যোৱা নৱেম্বৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে কঠোৰ বাণিজ্য নীতি গ্ৰহণ কৰাৰ ইংগিত দিছিল।

তেওঁ কয় যে অবৈধ অনুপ্ৰৱেশ আৰু ড্ৰাগছ সৰবৰাহৰ প্ৰতিৰোধৰ বাবে তিনিওখন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব। বিশেষকৈ তেওঁ অভিযোগ কৰে যে মেক্সিকান সীমান্তৰ মাজেৰে চীনত নিৰ্মিত অবৈধ ড্ৰাগছ আমেৰিকাত প্ৰৱেশ কৰি আছে। এই কাৰণেই ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ হুংকাৰ দিছিল। তাৰ পিছত যোৱা শনিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰু কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। এই নীতি মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত কানাডা আৰু মেক্সিকোৰ বাবে এই শুল্ক কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকে আমেৰিকা।

দুয়োখন দেশৰ নেতাৰ সৈতে আলোচনাৰ অন্তত ট্ৰাম্পে সেই সিদ্ধান্ত সাময়িকভাৱে ৩০ দিনৰ বাবে স্থগিত ৰাখে। সোমবাৰে নিশা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। কূটনৈতিক বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতিত ট্ৰাম্প-জিনপিঙৰ বৈঠক গুৰুত্বপূৰ্ণ হ’ব। কিন্তু চীনে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই বাণিজ্য যুদ্ধ তীব্ৰতৰ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *