শোকাবহ! প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যু অৱসৰী অধ্যাপকৰ…

নিউজ ডেস্কঃ পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ ঘৰলৈ পুনৰ ঘূৰি নাহিল এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক।

ঘৰৰ পৰা নাতিদূৰৈত থকা ৰে’লপথত পুৱা উদ্ধাৰ অৱসৰী অধ্যাপকগৰাকীৰ মৃতদেহ।

নিহত অধ্যাপকগৰাকীক পিয়াৰ আলী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, চতিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল পিয়াৰ আলী।

চতিয়াৰ চৰাইজনীয়াৰ নিৱাসী অধ্যাপকগৰাকীয়ে প্ৰতিদিনে প্ৰাতঃভ্ৰমণ কৰিছিল।

সোমবাৰেও তেওঁ পুৱা প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই যায় যদিও কিছুসময় পিছত ঘৰৰ সমীপৰ ৰে’লপথত উদ্ধাৰ হয় অৱসৰী অধ্যাপকগৰাকীৰ মৃতদেহ।

তীব্ৰবেগী ৰে’লৰ খুন্দাত পিয়াৰ আলীৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।