শোকাবহ! বিদ্যালয় ভ্ৰমণৰ পৰা ওভতাৰ পথতে ট্ৰাকৰ সৈতে সংঘৰ্ষ স্কুল বাছৰ, শিক্ষকসহ দুজনৰ মৃত্যু

নিউজ ডেস্কঃ বিদ্যালয় ভ্ৰমণৰ পৰা উভতি অহাৰ পথতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন স্কুল বাছ। ছত্তীশগড়ৰ ৰাজনান্দগাঁও জিলাৰ মোহলা ব্লকৰ কেৱাট্টোলা মডেল স্কুলৰ এখন স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত শিক্ষককে ধৰি দুজনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ডজনৰো অধিক ছাত্ৰ-ছাত্ৰী। বস্তাৰ ভ্ৰমণৰ পৰা উভতি অহাৰ পথত কোণ্ডাগাঁৱৰ সমীপত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে স্কুল বাছখনৰ।

দুৰ্ঘটনাত বাছ চালক দিলীপ ঠাকুৰ আৰু বিদ্যালয়ৰ শিক্ষক ৰাজকুমাৰ ভূৱৰ্যৰ থিতাতে মৃত্যু হয়। আনহাতে আহত হয় ১৪ গৰাকী ছাত্ৰ-ছাত্ৰী। গুৰুতৰভাৱে আহতসকলৰ ভিতৰত সপ্তম শ্ৰেণীৰ ছাত্ৰী কল্পনা চাহু, অষ্টম শ্ৰেণীৰ ছাত্ৰী উমেশ্বৰী আৰু মহিমাক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে। বাকী আহতসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়।

মোহলা ব্লক এবিইঅ’ ৰাজেন্দ্ৰ দেবাংগনে কয় যে বিদ্যালয় কৰ্তৃপক্ষই এই ভ্ৰমণলৈ যোৱাৰ বিষয়ে শিক্ষা বিভাগক কোনো তথ্য প্ৰদান কৰা নাছিল। জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় ভ্ৰমণৰ বাবে বস্তাৰলৈ নিয়া হৈছিল।

এই দুৰ্ঘটনাত শিক্ষক আৰু চালকৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাইয়ে আহত ছাত্ৰ-ছাত্ৰীসকলক শীঘ্ৰে চিকিৎসাৰ নিৰ্দেশ দিয়ে।

ChhattisgarhAccident #SchoolBusAccident #BastarTourTragedy #RoadAccidentNews #AssameseNews

Leave a Comment