নিউজ ডেস্কঃ উৰা বাতৰিৰ বাবে চলন্ত ৰে’লৰ পৰা জঁপিয়াই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল কমেও ১৩ জন যাত্ৰীয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সমীপত। জলগাঁৱৰ পৰাণ্ডা ৰে’লৱে ষ্টেচনৰ সমীপত পুষ্পক এক্সপ্ৰেছৰ ডবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আতংকত প্ৰাণ ৰক্ষা কৰিবলৈ যাত্ৰীসকলে জাঁপ দিছিল চলন্ত ৰে’লখনৰ পৰা। কিন্তু সেই সময়তে কাষৰ ট্ৰেকেৰে পাৰ হোৱা কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় যাত্ৰীসকলে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰি বিয়পি পৰাত যাত্ৰীসকলৰ মাজত চৰম আতংকৰ সৃষ্টি হয়। বহুতে শিকলি টানি ৰেলখন ৰখাবলৈ চেষ্টা কৰাৰ বিপৰীতে আন কিছুমানে আতংকিত হৈ চলন্ত ৰেলখনৰ পৰা জপিয়াই পৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়তে কাষৰ ট্ৰেকেৰে বিপৰীত দিশৰ পৰা কৰ্ণাটক এক্সপ্ৰেছ আহি থকাত সেই ৰে’লৰ খুন্দাত থিতাতে মৃত্যু ঘটে কেইবাজনো যাত্ৰীৰ।
কেন্দ্ৰীয় ৰে’লৱেৰ সূত্ৰ অনুসৰি বুধবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাত ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে আন ১১ জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই পৰ্যন্ত ৮ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। বাকীসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।
বিশেষ মহাপৰিদৰ্শক দত্তত্ৰেয় কাৰালেই কয় যে আধাৰ কাৰ্ডৰ ভিত্তিত মৃতদেহ চিনাক্ত কৰা সম্ভৱ হৈছে। ৰে’ল সুৰক্ষা আয়ুক্তৰ কেন্দ্ৰীয় চক্ৰই এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী দলে বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে।
ইতিমধ্যে ৰে’ল মন্ত্ৰালয়ে মৃতকৰ পৰিয়াললৈ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকা আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫ হাজাৰ টকা দিয়া হ’ব। মহাৰাষ্ট্ৰ চৰকাৰে মৃতকৰ পৰিয়ালক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আহতসকলক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।