অসমীয়াৰাষ্ট্ৰীয়

প্ৰেমিকক নৃশংস হত্যা! প্ৰেয়সীক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

নিউজ ডেস্কঃ প্ৰেমিকৰ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হোৱা এগৰাকী যুৱতীক প্ৰদান কৰা হ’ল মৃত্যুদণ্ডৰ শাস্তি। ২০২২ চনত কেৰালাৰ তিৰুৱান্তপুৰমত সংঘটিত শ্বেৰন ৰাজ হত্যাকাণ্ড গোচৰত সোমবাৰে ২৪ বৰ্ষীয় প্ৰেয়সী গ্ৰীষ্মাক মৃত্যুদণ্ড বিহে কেৰালাৰ এখন আদালতে।

নেয়াতিঙ্কাৰা অতিৰিক্ত জিলা আৰু ছেচন ক’ৰ্টে এই ৰায় প্ৰদান কৰি হত্যাকাণ্ডৰ তৃতীয় অভিযুক্ত তথা গ্ৰীষ্মাৰ মামা নিৰ্মলাকুমাৰণ নায়াৰক তিনি বছৰ কাৰাদণ্ডৰ আদেশ দিয়ে।

উল্লেখ্য যে, গ্ৰীষ্মাই আদালতৰ পৰা শাস্তি লঘু কৰিবলৈ অনুৰোধ জনায়। তেওঁ শিক্ষাগত সফলতা, পূৰ্বৰ কোনো অপৰাধৰ ইতিহাসৰ অভাৱ, আৰু নিজৰ পৰিয়ালৰ একমাত্ৰ কন্যা হোৱাৰ কথা উল্লেখ কৰি শাস্তি লাঘৱ কৰাৰ অনুৰোধ জনায় যদিও আদালতে সেয়া অস্বীকাৰ কৰে।

৫৮৬ পৃষ্ঠাৰ এই ৰায়ত আদালতে উল্লেখ কৰে যে অপৰাধৰ গুৰুত্বৰ সন্মুখত অভিযুক্তৰ বয়সক ধৰা প্ৰয়োজন নাই। প্ৰণিধানযোগ্য ২০২২ চনত যুৱতীগৰাকীয়ে হত্যা কৰিছিল তিৰৱান্তপুৰমৰ পাৰাছলাৰ বাসিন্দা প্ৰেমিক শ্বেৰন ৰাজক।

KeralaCourt #MurderVerdict #DeathSentence

Leave a Reply

Your email address will not be published. Required fields are marked *