ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত অভিনেতা সঞ্জয় দত্ত! উদ্বিগ্ন অনুৰাগী…

নিউজ ডেস্কঃ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত বলিউডৰ অভিনেতা সঞ্জয় দত্ত।

তেওঁৰ আহিবলগীয়া কানাড়া ছবি ‘কে ডি দ্য ডেভিল’ৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, বাংগালুৰুত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ।

এই দৃশ্যগ্ৰহণৰ সময়তে এটা নকল বোমা ফুটি সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় সঞ্জয় দত্ত।

বাতৰি অনুসৰি, অভিনেতাগৰাকীৰ আঘাত বৰ বেছি গুৰুতৰ নাছিল, সেয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে তেওঁ সুস্থ হৈ উঠে।

উল্লেখ্য যে, কানাড়া পৰিচালক প্ৰেমৰ দ্বাৰা পৰিচালিত কে ডি দ্য ডেভিল হৈছে এখন একশ্যনধৰ্মী ছবি।

কেবিএন প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হৈ থকা এই ছবিখনত সঞ্জয় দত্তৰ উপৰিও অভিনয় কৰিছে কানাড়া অভিনেতা ধ্ৰুৱ চৰ্জাই।

ছবিখন কানাড়া ভাষাৰ উপৰিও হিন্দী, তামিল, তেলেগু আৰু মালায়ম ভাষাত মুক্তিলাভ কৰিব বুলি জানিব পৰা গৈছে।