ভাল খবৰ! বিশ্ব ৰেকৰ্ড গঢ়িবলৈ অহা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীলৈ চৰকাৰে আগবঢ়াব ২৫ হাজাৰকৈ টকা…

নিউজ ডেস্কঃ পহিলা ব’হাগৰ বিহুৰ বিশাল আয়োজনক লৈ উথপথপ সৰুসজাই।

১১ হাজাৰোধিক বিহুৱা-বিহুৱতীৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে অসম চৰকাৰ।

এনে সময়তে বিহুৱা-বিহুৱতীসকলৰ বাবে এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্ব ৰেকৰ্ডত ভাগ ল’বলৈ অহা প্ৰতিগৰাকী ঢুলীয়া-নাচনীয়ে চৰকাৰৰ তৰফৰ পৰা লাভ কৰি ২৫ হাজাৰকৈ নগদ ধন।

প্ৰশিক্ষক সকলকো সমানে এই ধন প্ৰদান কৰা হব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

ঢুলীয়া-নাচনীৰ বেংক একাউণ্টযোগে এই ধন প্ৰদান কৰিব চৰকাৰে।

ভৱিষ্যতেও যাতে তেওঁলোক জড়িত হৈ থাকিব পাৰে, তাৰ বাবেই এই আৰ্থিক সাহায্য আগবঢ়াব অসম চৰকাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা মতে, বিহু নাচিবলৈ নোপোৱা নাচনী সকলেও লাভ কৰিব এই ধন।

ইয়াৰ লগতে প্ৰতিগৰাকী নাচনী আৰু ঢুলীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰমাণ পত্ৰও লাভ কৰিব।

তদুপৰি এই বিহুত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীক মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত একোখন ধন্যবাদ পত্ৰ প্ৰদান কৰাৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।