অসমীয়াৰাষ্ট্ৰীয়

অবৈধ বাংলাদেশীয়ে ছুৰীকাঘাত কৰিছিল অভিনেতা ছঈফ আলী খানক, আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য

নিউজ ডেস্কঃ অভিনেতা ছঈফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি অভিনেতাগৰাকীক ছুৰীকাঘাত কৰা অভিযুক্ত প্ৰকৃততে এজন বাংলাদেশী নাগৰিক। এই তথ্য প্ৰদান কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ মতে, বাংলাদেশী লোকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বিগত কেইমাহমান ধৰি ছদ্মে নামেৰে বাস কৰি আহিছিল মুম্বাইত।

আজি পুৱা সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰক্ষী উপ আয়ুক্ত দীক্ষিত গেদামে কয় যে বুধবাৰে নিশা বান্দ্ৰাৰ ছইফ আলী খানৰ ঘৰত চুৰিৰ চেষ্টাৰ সৈতে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ব্যক্তিজনৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বেহজাদ। তেওঁ কয়, “তদন্তত দেখা গৈছে যে অভিযুক্ত বাংলাদেশৰ। তেওঁৰ হাতত কোনো ভাৰতীয় নথি-পত্ৰ নাই। আমি সন্দেহ কৰিছোঁ যে তেওঁ বাংলাদেশী। বিষয়টোৰ তদন্ত চলি আছে আৰু তেওঁৰ বিৰুদ্ধে পাছপ’ৰ্ট আইনৰ ধাৰাও সংযোজন কৰা হৈছে। অভিযুক্তই চুৰি কৰাৰ উদ্দেশ্যেৰে অভিনেতাৰ ঘৰত প্ৰৱেশ কৰিছিল।”

image 14

তেওঁ আৰু কয় যে অভিযুক্তই নিজৰ নাম সলনি কৰি বিজয় দাস কৰি মুম্বাইৰ এটা হাউচকিপিং কোম্পানীত কাম কৰি আছিল। থানেৰ পৰা গ্ৰেপ্তাৰ কৰি এতিয়া জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মুম্বাইত ছঈফ আলী খানৰ ওপৰত হোৱা আক্ৰমণে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে সাধাৰণ নাগৰিকৰ সুৰক্ষাক লৈও উদ্বেগ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *