অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! বীমাৰ ধনৰ বাবে যুৱতীক হত্যাৰ অভিযোগ লিভ-ইন পাৰ্টনাৰৰ বিৰুদ্ধে

নিউজ ডেস্কঃ আকৌ লিভ-ইন পাৰ্টনাৰৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। এইবাৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এগৰাকী যুৱতীক হত্যাৰ অভিযোগ লিভ-ইন পাৰ্টনাৰৰ বিৰুদ্ধে।

উল্লেখ্য যে, লক্ষ্ণৌৰ পিজিআই এলেকাত শুকুৰবাৰে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় পথৰ দাঁতিত। গাত আঘাতৰ কেইবাটাও চিন থকা যুৱতীগৰাকীক পৰি থকা দেখি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত যুৱতীগৰাকী পিজিআই এলেকাৰ বাসিন্দা গীতা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ৰিয়েল এষ্টেট ব্যৱসায়ৰ সৈতে জড়িত যুৱতীগৰাকীক হত্যা কৰি মৃতদেহটো পথৰ দাঁতিত পেলাই থোৱা বুলি অনুমান কৰিছে আৰক্ষীয়ে।

ইফালে জানিব পৰা মতে, গিৰিজা শংকৰ নামৰ এজন যুৱকৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল গীতা শৰ্মা। এই গিৰিজা শংকৰেই যুৱতীগৰাকীক হত্যা কৰা বুলি অভিযোগ কৰিছে গীতাৰ ভাতৃ লালচান্দে। তেওঁৰ দাবী, গিৰিজা শংকৰে ফোন কৰি গীতাৰ দুৰ্ঘটনা হোৱা বুলি জনাইছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত পংকজ সিঙে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃতদেহৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা গৈছে। সেই আঘাতৰ ফলত মৃত্যু হৈছিল। এইটো দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ডৰ তদন্ত চলি আছে।

লালচান্দে আৰু অভিযোগ কৰে যে গীতাৰ এক কোটি টকাৰ বীমা পলিচিৰ বাবে গিৰিজা শংকৰ নমিনি আছিল। বীমাৰ ধন সংগ্ৰহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এতিয়া গিৰিজা শংকৰৰ ভূমিকা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *