গুৱাহাটীঃ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ গুৱাহাটীত দাখিল কৰা হৈছে এজাহাৰ। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত পানবজাৰ আৰক্ষী থানাত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা মঞ্জিল চেতিয়াই।
অভিযোগ অনুসৰি, ৰাহুল গান্ধীয়ে প্ৰদান কৰা উচটনিমূলক বক্তব্যই জনসাধাৰণৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে। এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে সাংসদগৰাকীৰ বিৰুদ্ধে বিএনএছএছ আইনৰ ১৫২ আৰু ১৯৭ (ঘ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
জানিব পৰা মতে এই গোচৰটো শেহতীয়াকৈ ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সৈতে জড়িত। ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ অংশ হিচাপে তেওঁ অসমলৈ আহিছিল। সেই সময়ত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে।
ৰাজহুৱাভাৱে এই মন্তব্য ভাগৱতৰ স্থিতি আৰু মতামতক লক্ষ্য কৰি কৰা বুলি অভিযোগ উঠিছে।
ইতিমধ্যে এই অভিযোগক লৈ গুৱাহাটী আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
লক্ষণীয় যে, অসমত ৰাহুল গান্ধীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেই গোচৰ ৰুজু হৈছে। ইয়াৰ পূৰ্বে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল।