অসমীয়াঅসম

কেনেকৈ বুক কৰিব বহু প্ৰত্যাশিত ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ টিকট? জানি লওক সকলো

নিউজ ডেস্কঃ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ‘ৰৈ ৰৈ বিনালে’ (Roi Roi Binale)ৰ মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ছবিখনৰ পৰিচালনা টীম। আজিৰে পৰা মুকলি কৰা হৈছে অসমীয়া সংগীতধৰ্মী ছবিখনৰ অগ্ৰিম অনলাইন টিকট বুকিং।

ছবিখন চিনেমাঘৰত চাবলৈ অধীৰ অপেক্ষাৰে ৰৈ থকা সকলে এতিয়া বুক মাই শ্ব’ (BookMyShow)ৰ জৰিয়তে আগতীয়াকৈ বুকিং কৰিব পাৰিব ‘ৰৈ ৰৈ বিনালে’ৰ টিকট।

আগতীয়াকৈ ‘ৰৈ ৰৈ বিনালে’ৰ টিকট বুকিং কৰিবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে, ইতিমধ্যে ছবিখনৰ গীত আৰু ট্ৰেইলাৰে যথেষ্ট সমাদৰ লাভ কৰিছে ছবি প্ৰেমীৰ পৰা। ১৫ টা বছৰৰ পৰিকল্পনাৰে আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে এই ছবিখন নিৰ্মাণ কৰিছিল জুবিন গাৰ্গে। অহা ৩১ অক্টোবৰ (31 October)ত ছবিগৃহত মুক্তিলাভ কৰিব ‘ৰৈ ৰৈ বিনালে’ ছবিখনে।

ছিংগাপুৰত সাগৰ বক্ষত হেৰাই যোৱা প্ৰাণৰ শিল্পীজনৰ জীয়া কাহিনীৰেই যেন নিৰ্মাণ কৰা হৈছে ৰৈ ৰৈ বিনালে ছবিখন। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰত জুবিন গাৰ্গক সাগৰ পাৰত পৰি ৰোৱা দৃশ্যও দেখা পোৱা গৈছে। এই দৃশ্যই স্বাভাৱিকতে জুবিন অনুৰাগী প্ৰতিজন অসমীয়াৰ অন্তৰ পুনৰ কঁপাই তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *