মৰ্মান্তিক! বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ, ঘূৰি আহোতেই নম্ৰতাৰ সৈতে ঘটিল এয়া…

নিউজ ডেস্ক: বাৰিষাৰ সময়ত বন্ধুৰ সৈতে মেঘালয়ৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে অসমৰ এগৰাকী প্ৰতিভাৱান যুৱতীয়ে। শ্বিলঙৰ পৰা গুৱাহাটীলৈ ওভতাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় বোকাখাতৰ নুমলীগড় ধোদাং গাঁৱৰ নম্ৰতা বৰা নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে।

উল্লেখ্য যে, বোকাখাতৰ ৰমেন কুমাৰ বৰাৰ কন্যা নম্ৰতাই শেহতীয়াকৈ গুৱাহাটীৰ পৰা আইনৰ শিক্ষা সমাপ্ত কৰি উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় মেঘালয়ৰ ৰি-ভ’ই নংপোৰ চাংবাংলাত। নংপো থানাৰ আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, নম্ৰতা আৰু তেওঁৰ পাঁচজন সহযোগী এখন হুণ্ডাই আলকাজাৰ গাড়ীত (নম্বৰ AS01EV9578) গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে পুৱতি নিশা প্ৰায় ৪:৪৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

তেওঁলোকৰ হুণ্ডাই বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে খুন্দা মৰাৰ ফলত মূৰত আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় নম্ৰতাই। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আন ৬ জনক লগে লগে নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই যদিও ধাৰাসাৰ বৰষুণৰ বাবে পিচল হৈ থকা পথ আৰু পুৱতি নিশাৰ কম দৃশ্যমানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে যুৱ অধিবক্তা নম্ৰতাৰ এই আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বোকাখাত অঞ্চল।

Leave a Comment