নিউজ ডেস্কঃ পাকিস্তান নহয়, এইবাৰ বাংলাদেশে অপহৰণ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ আৰু অত্যন্ত স্পৰ্শকাতৰ ঘটনা। বাংলাদেশৰ এটা গোটে সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানক অপহৰণ কৰি বলপূৰ্বকভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ কৰাই বাংলাদেশলৈ লৈ যায়। বুধবাৰে পুৱতি নিশা নুৰপুৰ অঞ্চলৰ সুতিয়াৰ বি এছ এফৰ শিবিৰৰ সমীপৰ চান্দনী চক অঞ্চলত সংঘটিত হয় এই ঘটনা।
প্ৰাৰম্ভিক বাতৰিত দাবী কৰা কৰা হৈছিল যে, বিএছএফৰ ৭১ নং বেটেলিয়ানৰ জোৱান শ্ৰী গণেশে সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ সময়তে ভুলবশতঃ বাংলাদেশৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল। কিন্তু বি এছ এফৰ আভ্যন্তৰীণ তদন্তত স্পষ্ট হৈ পৰিছে যে জোৱানজনে ভাৰতীয় সীমান্তৰ ভিতৰতে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে তেওঁক প্ৰতাৰণামূলকভাৱে সীমান্তৰ সিপাৰে লৈ যোৱা হয়।
বি এছ এফৰ সূত্ৰৰ মতে, কথলিয়া গাঁৱৰ সমীপত বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশৰ চেষ্টা ৰোধ কৰিবলৈ জোৱানসকলে চেষ্টা চলাই থকাৰ সময়ত বাংলাদেশৰ চাপাই নবাবগঞ্জ জিলাৰ একাংশ অসামাজিক উপাদানে মত বিনিময়ৰ অজুহাতত জোৱানজনৰ কাষলৈ আহি তাৰ পিছত জোৰকৈ বন্দী কৰি বাংলাদেশৰ ফালে টানি লৈ যায় আৰু গছত বান্ধি অত্যাচাৰ চলায়।
ঘটনাৰ কিছু সময়ৰ পাছতে বি এছ এফে সীমান্তৰক্ষী বাংলাদেশ (বিজিবি)ৰ সৈতে যোগাযোগ কৰি বিষয়টো গুৰুত্বসহকাৰে লয়। প্ৰবল কূটনৈতিক হেঁচা আৰু উচ্চ পৰ্যায়ৰ পদক্ষেপৰ পিছত বিজিবিয়ে হস্তক্ষেপ কৰি কেইঘণ্টামানৰ ভিতৰতে জোৱানজনক নিৰাপদে মুকলি কৰি দিয়ে।
দক্ষিণ বংগ সীমান্তৰ এজন জ্যেষ্ঠ বিষয়াই জোৱানজনক মুকলি কৰি দিয়াৰ কথা নিশ্চিত কৰি কয় যে তেওঁ সম্পূৰ্ণ সুৰক্ষিত আৰু নিজৰ ইউনিটলৈ উভতি গৈছে।
এই ঘটনাই সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰাই নহয়, এই কথাও দেখুৱাইছে যে দুয়োখন দেশৰ মাজত সমন্বয় আৰু যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে, যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়।