অসমীয়ামেঘালয়

ফুৰিবলৈ আহি হত্যাৰ বলি হ’ল নেকি ৰাজা আৰু সোণম? CBI তদন্তৰ দাবী পৰিয়ালৰ

নিউজ ডেস্কঃ পত্নীৰ সৈতে হনিমুনলৈ আহি মেঘালয়ত নিখোজ হৈছিল ইন্দোৰৰ নৱ বিবাহিত দম্পতী ৰাজা ৰঘুবংশী আৰু পত্নী সোণম। এই পৰ্যটক দম্পতীহালৰ নিখোজক লৈ চলাই অহা অভিযানৰ অন্তত আঠ দিনৰ পিছত চোহৰা অঞ্চলৰ পৰা উদ্ধাৰ হয় ৰাজাৰ অৰ্ধগলিত মৃতদেহ। দ খাৱৈত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে দম্পতীহালৰ হত্যাৰ সন্দেহ কৰি চিবিআইৰ তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে। এই ঘটনাত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছে যদিও ৰাজাৰ পত্নী সোণম ৰঘুবংশীৰ এতিয়াও কোনো সন্ধান লাভ কৰা হোৱা নাই।

ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ লোকে এই ঘটনা ডকাইতিৰ সৈতে জড়িত হ’ব পাৰে বুলি গভীৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে চোহৰাৰ ৱেইছাউডং জলপ্ৰপাতৰ সমীপৰ খাৱৈৰ পৰা ৰাজাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা বুলি নিশ্চিত কৰাৰ পিছত শোকত ভাগি পৰে পৰিয়ালটো। তেওঁলোকে দাবী কৰা মতে, ৰাজাৰ মৃতদেহৰ পৰা প্ৰায় ১০ লাখ টকাৰ গহনা নোহোৱা হৈ আছে। তদুপৰি সোণম এতিয়াও নিৰুদ্দেশ হৈয়েই আছে।

image

ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে নিশ্চিত কৰে যে দুডাল হীৰাৰ ব্ৰেচলেট, দুডাল সোণৰ চেইন, দুটা সোণৰ আঙঠি আৰু চাৰিটা মোবাইল ফোন আছিল ৰাজাৰ সৈতে। কিন্তু এতিয়া এই আ-অলংকাৰখিনি নাই। এনে কাৰণতে ডকাইতিৰ কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালে। লগতে সোণম নিৰুদ্দেশৰ ঘটনাত অপহৰণৰ সম্ভাৱনাও নুই কৰা নাই, লগতে পৰিয়ালটোৱে তেওঁৰ উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও কয়।

প্ৰথম অৱস্থাত যিটো কেৱল এক সন্ধানহীনৰ ঘটনা বুলি ভৱা হৈছিল, এতিয়া সময়ৰ লগে লগে সেয়া হৈ পৰিছে এক ৰহস্যঘন কাহিনী। সোমবাৰে ৰজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ইষ্ট খাছি হিলছৰ জিলা আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে। ৮ দিনীয়া ব্যাপক তালাচী অভিযানৰ অন্তত উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। অঞ্চলটোৰ অন্যতম চাঞ্চল্যকৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল (এছআইটি)।

image 1

ৱেইছাউডং পাৰ্কিং লটৰ এটা দ খাৱৈত আৰক্ষীৰ ড্ৰ’নে মৃতদেহটো দেখা পোৱাত গোচৰটোৱে এটা নতুন মোৰ লয়। ড্ৰ’নখন এছডিআৰএফ, এছঅ’টি, আৰু ৱেষ্ট জয়ন্তীয়া হিলছ এডভেঞ্চাৰ এণ্ড মাউণ্টেইনিং ক্লাবকে ধৰি একাধিক সংস্থাই সমন্বিত অভিযানত ব্যৱহাৰ কৰিছিল। ঠেক ভূখণ্ডৰ বাবে মৃতদেহ উদ্ধাৰ কৰাটো অত্যন্ত কঠিন কাম আছিল। স্থানীয় সাক্ষীৰ উপস্থিতিত থিতাতে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। ৰজাৰ সোঁহাতত টেটুৰ দ্বাৰা তেওঁৰ পৰিচয় নিশ্চিত হয়।

সেই স্থানৰ পৰা কেইবাটাও চাঞ্চল্যকৰ প্ৰমাণ উদ্ধাৰ কৰা হৈছে– য’ত আছিল এগৰাকী মহিলাৰ চাৰ্ট, টেবলেটৰ ফিটা, ভঙা মোবাইলৰ স্ক্ৰীণ আৰু মৃতদেহৰ হাতত এতিয়াও থকা স্মাৰ্টৱাচ।

Leave a Reply

Your email address will not be published. Required fields are marked *