নিউজ ডেস্কঃ অসমীয়াত এষাৰ কথা আছে- বজাৰত টেঙা আম বিক্ৰী কৰিব পাৰি এবাৰেই।
কিন্তু সেই কথা পাহৰি জাল নোটেৰে নিতৌ বজাৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষীৰ জোৱান।
নগাঁৱৰ বৰভেটিত নিতৌৰ দৰেই আজিও জালি নোটেৰে সামগ্ৰী ক্ৰয় কৰিবলৈ লওঁতেই ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানজনক।
ধৃত লোকজনক ধিং নিৱাসী আব্দুল আলী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অৱসৰ গ্ৰহণৰ পূৰ্বে ১৬ অসম আৰক্ষী বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল আব্দুল আলী।
ইফালে স্থানীয় ৰাইজে অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানজনক জালনোট সহ কৰায়ত্ব কৰি পৰৱৰ্তী সময়ত গতাই দিয়ে আৰক্ষীক।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।