দিল্লী নিৰ্বাচনৰ দিনাই প্ৰধানমন্ত্ৰী মোদীৰ কুম্ভ যাত্ৰা! আঁৰত আছে নেকি ৰাজনৈতিক উদ্দেশ্য?

নিউজ ডেস্কঃ প্ৰয়াগৰাজৰ মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ গংগা স্নানক লৈ সৃষ্টি হৈছিল জল্পনা-কল্পনাৰ। যোৱা ২৯ জানুৱাৰী অৰ্থাৎ মৌনী অমৱস্যাৰ দিনটোত কুম্ভ মেলাত সংঘটিত পদপিষ্ট ঘটনাত চৰকাৰী পৰিসংখ্যা অনুসৰি মৃত্যু ঘটে ৩০ জন পূণ্যাৰ্থীৰ। সেই ঘটনাৰ পিছত মোদীৰ প্ৰয়াগৰাজ ভ্ৰমণক লৈ উত্থাপন হৈছিল প্ৰশ্নৰ। মহাকুম্ভৰ বিশৃংখল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে কুম্ভ মেলালৈ যাব নে নাযায় তাক লৈও সৃষ্টি হৈছিল অনিশ্চয়তাৰ।

কিন্তু এতিয়া পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই প্ৰধানমন্ত্ৰী প্ৰয়াগৰাজলৈ যাব বুলি সদৰী কৰিছে কেন্দ্ৰীয় সূত্ৰই। সূত্ৰ অনুসৰি বুধবাৰে পুৱা ১০:০৫ বজাত প্ৰয়াগৰাজ বিমানবন্দৰত অৱতৰণ কৰিব মোদীয়ে। তাৰ পৰা হেলিকপ্টাৰেৰে আৰিয়াল ঘাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। পুৱা ১০:৪৫ বজাত হেলিকপ্টাৰৰ পৰা নমাৰ পিছত তাৰ পিছত নাৱেৰে মহাকুম্ভলৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত গংগা, যমুনা, আৰু সৰস্বতীৰ সংগমস্থলীত পবিত্ৰ স্নান কৰিব। সূত্ৰ অনুসৰি মহাকুম্ভত উপস্থিত হোৱা দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্তসকলকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে।

ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। এই বিশেষ দিনটোতে প্ৰধানমন্ত্ৰীৰ প্ৰয়াগৰাজ ভ্ৰমণক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে বিৰোধীয়ে। মোদীৰ এই গংগা স্নানৰ সময়সূচীক লৈ বিৰোধী শিবিৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে হিন্দুত্ববাদৰ বাৰ্তা প্ৰচাৰ কৰি ভোটাৰক প্ৰভাৱিত কৰাৰ কৌশল হিচাপে মোদীয়ে কুম্ভ যাত্ৰাৰ পৰিকল্পনা কৰিছে।

ইফালে, কুম্ভ মেলাত সংঘটিত হোৱা ভয়াবহ কাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। মন কৰিবলগীয়া যে, এই ঘটনাত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জন বুলি চৰকাৰে সদৰি কৰিছে যদিও প্ৰকৃত মৃতকৰ সংখ্যা লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ কৰি আহিছে বিৰোধীয়ে। সংসদৰ বাজেট অধিৱেশনৰ সময়তো কুম্ভত সৃষ্টি হোৱা বিশৃংখলতাৰ সন্দৰ্ভত বিৰোধী দলৰ সাংসদসকল সৰৱ হৈ পৰিছে। সেই প্ৰেক্ষাপটত মোদীৰ প্ৰয়াগৰাজ ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Leave a Comment