নিউজ ডেস্কঃ ক্ৰমাৎ জটিল হৈ পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যু ৰহস্য।
জোনমণি ৰাভাৰ দুৰ্ঘটনাক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য।
ভিন্ন দৃষ্টিকোণেৰে চৰ্চা চলিছে এই দুৰ্ঘটনাক লৈ।
আনহাতে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে নগাঁও আৰু লখিমপুৰ জিলাৰ কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম।
জোনমণি ৰাভাৰ মাতৃয়ে কালি জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰতো উল্লেখ আছে নগাঁৱৰ আৰক্ষী অধীক্ষক সহিতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম।
জোনমণি ৰাভাৰ এই ৰহস্যঘন মৃত্যুৰ তদন্ত প্ৰথমে চিআইডিয়ে চলাই আছিল যদিও এতিয়া পৰিয়াল আৰু বিভিন্ন দল-সংগঠনৰ দাবীত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে চিবিআইক।
আনহাতে ইতিমধ্যে এই ঘটনাত নাম সাঙোৰ খাই পৰা বা নপৰা নগাঁও আৰু লখিমপুৰৰ কেইবাগৰাকীও আৰক্ষী বিষয়াক বদলি কৰা হৈছে।
ৰিজাৰ্ভ ক্ল’জো কৰা হৈছে ৪ গৰাকীকৈ আৰক্ষী বিষয়াক।
শেহতীয়াকৈ এইবাৰ বদলি কৰা হ’ল দুয়োখন জিলাৰ আৰক্ষী অধীক্ষকক।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰা মতে, জোনমণিৰ দুৰ্ঘটনাৰ দিনা সন্ধিয়া আৰক্ষী অধীক্ষকগৰাকীয়ে মাতি পঠিয়াইছিল তেওঁক।
আনহাতে ৰাতি প্ৰায় ডেৰমান বজাত আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বতে আৰক্ষীৰ এটা দল আহি জোনমণি ৰাভাৰ চৰকাৰী অৱাসত তালাচী চলাই লৈ গৈছিল প্ৰায় ৪ লাখ টকা।
এই সমগ্ৰ দাবীয়ে লীনা দলেৰ ওপৰতো এতিয়া সন্দেহৰ আঙুলি প্ৰখৰ কৰি তুলিছে।