বহু বিবাহৰ সমৰ্থত উদ্ভট যুক্তি বিধায়ক শ্বেৰমান আলীৰ! ক’লে- ‘প্ৰথমা পত্নীয়ে যদি…’

নিউজ ডেস্কঃ ৰাজ্যত বহু বিবাহ বন্ধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাই সমৰ্থন লাভ কৰিছে সাধাৰণ নাগৰিক আৰু বিভিন্ন দল-সংগঠনেও।

কিন্তু ৰাইজে সমৰ্থন কৰা কাম এটাক কেনেকৈয়ে বা সমৰ্থন জনায় বিতৰ্কিত আৰু নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে।

সেয়ে এইবাৰ সাধাৰণ জনতাৰ বিপৰীতে গৈ বহু বিবাহৰ সমৰ্থনত নামি পৰিল বাঘবৰ সমষ্টিৰ বিধায়কগৰাকী।

দ্বিতীয় বিবাহৰ সমৰ্থনত কেতবোৰ অদ্ভূত যুক্তিও দাঙি ধৰিলে বিতৰ্কিত বিধায়কগৰাকীয়ে।

তেওঁৰ মতে, পুৰুষক কিছু কিছু অৱস্থাত দ্বিতীয় বিবাহৰ অনুমতি প্ৰদান কৰা উচিত।

বিশেষকৈ যদি প্ৰথমা পত্নীৰ পৰা স্বামীয়ে দৈহিক সুখ লাভ নকৰে, তেতিয়া তেওঁক দ্বিতীয় বিবাহৰ অনুমতি দিব লাগে।

শ্বেৰমান আলীৰ মতে, প্ৰথমা পত্নী যদি ৰুগীয়া হয় আৰু স্বামীক দৈহিক সুখ প্ৰদান কৰিব নোৱাৰে, তেনে স্বামী পৰকীয়া প্ৰেমত পৰিব পাৰে।

আৰু সেয়া প্ৰতিৰোধ কৰিবলৈকে দ্বিতীয় বিবাহৰ অনুমতি প্ৰদান কৰা উচিত বুলি মন্তব্য শ্বেৰমান আলীৰ।

আল্লাহে এনে কাৰণতে দ্বিতীয় বিবাহৰ বিৰোধিতা কৰিও মুছলমানক দ্বিতীয় বিবাহৰ অনুমতি দিছে বুলিও মন্তব্য কৰে শ্বেৰমানে।

বহু বিবাহ নিষিদ্ধ কৰিলে সমাজত উশৃংখলতাৰ সৃষ্টি হ’ব বুলিও দাবী কৰে বিতৰ্কিত বিধায়কজনে।