নিউজ ডেস্কঃ সুৰাসক্ত ডাম্পাৰ চালকৰ উদ্ভণ্ডালিত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুগৰাকী কলেজীয়া ছাত্ৰীয়ে। দ্ৰুতবেগত গৈ থকা এখন ৰেডিমিক্স ডাম্পাৰ পথৰ ওপৰত লুটি খাই পৰাত ডাম্পাৰৰ তলত আৱদ্ধ হৈ মৃত্যু ঘটে যুৱতীগৰাকীৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ হিঞ্জেৱাড়ীত।
দুৰ্ঘটনাত নিহত যুৱতী দুগৰাকীক প্ৰাঞ্জলী মহেশ যাদৱ (২২) আৰু অশ্বলেখা নৰেন্দ্ৰ গাওণ্ডে (২২) বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত হিঞ্জেৱাড়ী-মান পথৰ ভাডজাই নগৰ টাৰ্ণিঙত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত স্কুটীৰে গৈ আছিল যুৱতী দুগৰাকীয়ে।
আৰক্ষীয়ে সদৰী কৰা মতে, ডাম্পাৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল। যাৰ বাবে ট্ৰাণিং লোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখন লুটি খাই পৰে। সেই সময়তে যুৱতী দুগৰাকীয়ে স্কুটীৰে গৈ থকাত ডাম্পাৰখন তেওঁলোকৰ গাৰ ওপৰতে বাগৰি পৰে।
এই দুৰ্ঘটনাৰ পিছত লগে লগে প্ৰাঞ্জলী আৰু অশ্বলেখাক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয় যদিও দুয়োকে চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে ডাম্পাৰ চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।