অসমীয়াৰাষ্ট্ৰীয়

নৃশংস! ৩ মাহ ধৰি দুই শতাধিক পাষণ্ডৰ যৌন নিৰ্যাতনৰ বলি এগৰাকী বাংলাদেশী কিশোৰী

নিউজ ডেস্কঃ বিগত তিনি মাহে দুশৰো অধিক লোকৰ যৌন নিৰ্যাতনৰ চিকাৰ হ’ল এগৰাকী বাংলাদেশী কিশোৰী! মানৱ সৰবৰাহ চক্ৰৰ কবলত পৰি বাংলাদেশৰ পৰা ভাৰতলৈ অহা কিশোৰীগৰাকীক তিনি মাহ ধৰি দুই শতাধিক পাষণ্ডই যৌন নিৰ্যাতন চলায় মহাৰাষ্ট্ৰৰ পালঘৰত।

শেহতীয়াকৈ যোৱা ২৬ জুলাইত পালঘৰৰ মীৰা-ভয়ান্দৰ বছাই-বীৰা আৰক্ষীৰ মানৱ সৰবৰাহৰ বিৰোধী ইউনিটে এটা ফ্লেটত অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

এই পৰ্যন্ত এই ঘটনাত মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে দুজন বাংলাদেশৰ পৰা ছোৱালীজনীক ভাৰতলৈ অনাৰ কামত জড়িত আছিল।

আৰক্ষীয়ে জনোৱা মতে, স্কুলত এটা বিষয়ত ফেইল কৰাৰ পিছত ঘৰৰ পৰা পলায়ন কৰিছিল কিশোৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত এগৰাকী মহিলাই কিশোৰীগৰাকীক অবৈধভাৱে ভাৰতলৈ আনে আৰু দেহ ব্যৱসায়ত জড়িত কৰায়।

কিশোৰীগৰাকীক জোৰকৈ দেহ ব্যৱসায় কৰিবলৈ হৰম’নৰ বেজী আৰু টোপনিৰ বড়ি দিয়া বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, এই কাৰ্যৰ সৈতে জড়িত লোকসকলক বিচাৰি দেশৰ বিভিন্ন চহৰলৈ দল প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *