অসমীয়াৰাষ্ট্ৰীয়

সুৰাৰ নিচাত এনে কাম কৰিলে ৭০ বছৰীয়া এজন বৃদ্ধই, আৰক্ষীয়ে বিচাৰি উলিয়াই কৰিলে আটক

নিউজ ডেস্কঃ সোমবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কোনো অচিনাক্ত লোকে বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ আতংকময় পৰিৱেশৰ।

আৰক্ষীয়ে ভাবুকি লাভ কৰাৰ পিছতে দ্ৰুত অনুসন্ধান আৰম্ভ কৰে। অৱশ্যে অনুসন্ধানৰ অন্তত এই ভাবুকি ভুৱা বুলি নিশ্চিত হয় আৰক্ষীৰ দল। ইয়াৰ পিছতে এই ভাবুকি প্ৰদান কৰা অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰে তালাচী অভিযান।

ডিচিপি দক্ষিণ ৰাজাৰজী ৰাজে জনোৱা মতে, দুপৰীয়া প্ৰায় ১২:৩০ বজাত আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এজন লোকে ফোন কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। আৰক্ষীয়ে ফোন ট্ৰেক কৰি পৰৱৰ্তী সময়ত ঝনঝুনুৰ পৰা এজন সত্তৰ বৰ্ষীয় বৃদ্ধক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে লোকজনে মদ্যপান কৰি এই ভাবুকি দিছিল। এতিয়াৰ বাবে তেওঁক আটক কৰি ৰখা হৈছে আৰু এই সন্দৰ্ভত অধিক সোধা-পোছা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *