নিউজ ডেস্কঃ ভাৰতৰ বিৰুদ্ধে পাৰণমানৱিক যুদ্ধৰ ভাবুকি প্ৰদান পাকিস্তান সেনা প্ৰধান আছিম মুনিৰৰ। আমেৰিকাৰ মাটিৰ পৰাই ভাৰতক প্ৰদান কৰে এই ভাবুকি।
আমেৰিকা ভ্ৰমণৰ সময়ত আছিম মুনিৰে এক নৈশভোজত অংশগ্ৰহণ কৰি কয় যে পাকিস্তান এখন পাৰমাণৱিক শক্তিচালিত দেশ। যদি পাকিস্তানে নিজৰ বিপদ দেখে, তেন্তে আধা বিশ্বক লগত লৈ ধ্বংস হৈ যাব। ভাৰতক প্ৰত্যক্ষ ভাবুকি প্ৰদান কৰি মুনিৰে কয়, ”ভাৰতৰ বিৰুদ্ধে নিক্ষেপ কৰিবলৈ পাকিস্তানৰ পাৰমাণৱিক মিছাইলৰ অভাৱ নাই।’’
এই ভাবুকি প্ৰদান কৰাৰ সমান্তৰভাৱে পাক সেনাপ্ৰধানজনে সিন্ধু জল চুক্তিক লৈও ভাৰতৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য কৰে। তেওঁ কয়, “আমি ভাৰতে নতুন বান্ধ নিৰ্মাণ নকৰালৈকে অপেক্ষা কৰিম। তেওঁলোকৰ বান্ধ নিৰ্মাণ হোৱাৰ লগে লগে আমি ১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ধ্বংস কৰিম। সিন্ধু নদী ভাৰতৰ সম্পত্তি নহয়। আমাৰ ক্ষেপণাস্ত্ৰৰ অভাৱ নাই, মনত ৰাখিব।”
কাকতলীয়াকৈ ক’বলৈ গ’লে, দুমাহৰ ভিতৰত মুনিৰৰ এয়া দ্বিতীয়বাৰৰ বাবে আমেৰিকা ভ্ৰমণ। এইবাৰ তেওঁ আমেৰিকা ভ্ৰমণ কৰি আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ জেনেৰেল মাইকেল কুৰিলাৰ অৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
মন কৰিবলগীয়া যে এই কুৰিলাই পূর্বে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত পাকিস্তানৰ ভূমিকাক প্ৰশংসা কৰিছিল। দ্বিতীয়বাৰৰ বাবে আমেৰিকা ভ্ৰমণত আছিম মুনিৰে ড’নাল্ড ট্ৰাম্পৰ ‘বন্ধু’ নৰেন্দ্ৰ মোদীৰ দেশক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰে।









