মৰ্মন্তুদ! দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা সাৰংগৰ ফলাফলৰ পূৰ্বেই অকাল মৃত্যু, মৃত্যুৰ পিছতো আনক দি গ’ল নতুন জীৱন…

নিউজ ডেস্কঃ এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৬ বছৰীয়া কিশোৰ ছাত্ৰজন। পৰীক্ষাৰ ফলাফলক লৈ অতি উৎসাহী আছিল কিশোৰজনৰ লগতে পৰিয়াল আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো।

ছাত্ৰজনৰ নাম সাৰংগ। ঘৰ তিৰুৱান্তপুৰমত। কিন্তু মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা (এছএছএলচি)ৰ ফলাফল ঘোষণা কৰাৰ মাত্ৰ দুদিন পূৰ্বে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় সাৰংগ।

ইয়াৰ পিছতে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হোৱা সাৰংগই পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই সামৰিবলগীয়া হ’ল জীৱন নাট।

আৰু তাৰ পিছতে শুকুৰবাৰে ঘোষিত হোৱা এছএছএলচিৰ ফলাফলত বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উজ্বলি উঠে ১৬ বৰ্ষীয় সাৰংগ।

পৰিয়াললৈ নামি অহা দুখৰ ধুমুহাজাকৰ মাজতে সাৰংগৰ অংগ দান কৰাৰ সিদ্ধান্ত লয় পৰিয়ালে। যাৰ ফলত এতিয়া সাৰংগৰ বাবে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে আন ৬ জনকৈ ৰোগীয়ে।

উল্লেখ্য যে, আটিংগলৰ চৰকাৰী বয়ছ এইচ এছ এছৰ ছাত্ৰ সাৰংগই যোৱা ১৩ ৰ বিয়লি কল্লামবালাম-নগৰুৰ পথত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল।

আন এখন বাহনক পাৰ হ’বলৈ দিয়াৰ চেষ্টাত সাৰংগই যাত্ৰা কৰি থকা অটো ৰিক্সাখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বিদ্যুতৰ খুঁটাত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় সাৰংগ।

লগে লগে কিশোৰজনক তিৰুৱান্তপুৰমৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত দুদিন চিকিৎসাধীন হৈ থকাৰ পিছত সাৰংগক ‘ব্ৰেইন ডেড’ ঘোষণা কৰে চিকিৎসকে।

এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মেধাৱী ছাত্ৰজনৰ মৃত্যুৱে শোকদগ্ধ কৰি তোলে পৰিয়ালক।

সমান্তৰালভাৱে ছাত্ৰজনৰ মৃত্যুৰ পিছতে ঘোষণা হোৱা এছএছএলচিৰ পৰীক্ষাৰ ফলাফলত সাৰংগই দেখুওৱা কৃতিত্বই শোকাহত কৰি তোলে বিদ্যালয়ৰ শিক্ষক-সহপাঠী সকলোকে।

কিন্তু দুখৰ এনে সময়তো পৰিয়ালৰ লোকে সাৰংগৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ছাত্ৰজনৰ দুটা বৃক্ক, যকৃত, হাৰ্ট ভালভ আৰু দুটা কৰ্ণিয়া অইন ৰোগীৰ দেহত সংৰোপন কৰে চিকিৎসকে।