শোকাবহ! শ্বুটিঙৰ পৰা ওভতাৰ পথত তীব্ৰবেগী ল’ৰীৰ খুন্দাত কৰুণ মৃত্যু জনপ্ৰিয় বাঙালী অভিনেত্ৰীৰ…

নিউজ ডেস্কঃ শ্বুটিঙৰ পৰা ওভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল সৰু পৰ্দাৰ জনপ্ৰিয় বাঙালী অভিনেত্ৰী সুচন্দ্ৰা দাসগুপ্তাই।

শনিবাৰে নিশা কলকাতাৰ বৰাহনগৰত সংঘটিত হয় দুৰ্ঘটনা।

জানিব পৰা মতে, এখন ধাৰাবাহিকৰ কামত ব্যস্ত থকা সুচন্দ্ৰাই নিশা শ্বুটিঙৰ অন্তত স্কুটীৰে পানীহাটীৰ ঘৰলৈ উভতিছিল।

348274314 666457875307953 1255250785961265900 n
শোকাবহ! শ্বুটিঙৰ পৰা ওভতাৰ পথত তীব্ৰবেগী ল’ৰীৰ খুন্দাত কৰুণ মৃত্যু জনপ্ৰিয় বাঙালী অভিনেত্ৰীৰ… 3

সেই সময়তে বৰাহনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোষপাৰাত অভিনেত্ৰীগৰাকীৰ স্কুটীত পিছফালৰ পৰা এখন ল’ৰীয়ে প্ৰচণ্ড খুন্দা মৰাত থিতাতে মৃত্যু ঘটে সুচন্দ্ৰাৰ।

উল্লেখ্য যে, ‘গৌৰী এলো’ৰ লগতে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল সুচন্দ্ৰা দাসগুপ্তা।