নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাহনসহ পানীত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ONGCৰ এগৰাকী বিষয়াই।
টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত ONGCৰ বিষয়াগৰাকীক গুৱাহাটীৰ বামুণীমৈদামৰ নিৱাসী ভাস্কৰজ্যোতি বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বিষয়াগৰাকীয়ে যোৰহাট অভিমুখে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই জগদুৱাৰ নদীত বাহনসহ বাগৰি পৰে।
যাৰ ফলত কৰুণ মৃত্যু ঘটে ভাস্কৰজ্যোতি বৰ্মনৰ।
পিছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ নৈৰ বুকুৰ পৰা বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।