মৰ্মান্তিক! ট্ৰেক্টৰ ট্ৰলীৰ সৈতে ভয়ংকৰ সংঘৰ্ষ যাত্ৰীবাহী বাছৰ, ৪ জনৰ মৃত্যু…

নিউজ ডেস্কঃ ট্ৰেক্টৰ ট্ৰলী আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত ৪ জন যাত্ৰী।

বৃহস্পতিবাৰে পুৱা মধ্যপ্ৰদেশৰ শ্বাহজাপুৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাছখনত থকা আন ১৫ জন যাত্ৰী।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত আহমেদাবাদ অভিমুখে গৈ আছিল যাত্ৰীবাহী শ্লিপাৰ বাছখন।

সেই সময়তে শ্বাহজাপুৰত এখন ট্ৰলীৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে বাছখনৰ।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি উজ্জয়িনীৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলক একাধিক জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।