মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ একেলগে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৫ সদস্যসহ ৬ জনে…

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই নিমিষতে প্ৰাণ কাঢ়ি লৈ গ’ল একেটা পৰিয়ালৰ ৫ সদস্যসহ ৬ জনৰ।

বুধবাৰে মহাৰাষ্ট্ৰৰ মিৰাজৰ ভাদ্দিত নাগপুৰ-ৰত্নাগিৰি নৱ নিৰ্মিত ঘাইপথত এখন বলেৰ’ আৰু ইটা ভৰ্তি ট্ৰেক্টৰৰ সংঘৰ্ষত নিহত হয় পৰিয়ালটোৰ ৫ সদস্য আৰু চালকে।

নিহত সকলক পান্ধৰপুৰ নিৱাসী জয়ন্ত দত্তত্ৰয় পোৱাৰ (৪৫), পত্নী স্নেহল জয়ন্ত পোৱাৰ (৪০), পুত্ৰ সোহাম জয়ন্ত পোৱাৰ (১২), লক্ষ্মণ শংকৰ শিণ্ডে (৭০), কমল শ্ৰীকান্ত শিণ্ডে (৫৬) আৰু চালক উমেশ উদয় শৰ্মা (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় জয়ন্ত পোৱাৰৰ দুই কন্যা শ্ৰাৱণী (১৭) আৰু সাক্ষী (১৫)।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত কিশোৰী দুগৰাকীক মিৰাজ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে মুকলি কৰা হৈছিল মিৰাজৰ মাজেৰে নিৰ্মিত নাগপুৰ-ৰত্নাগিৰি ঘাইপথটো।

বুধবাৰে পৰিয়ালটোৱে এই ঘাইপথেৰেই পান্ধৰপুৰলৈ গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।