অসমীয়াৰাষ্ট্ৰীয়

সংগোপনে বিবাহ পাশত আৱদ্ধ হ’ল তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা, কইনা টেনিছ খেলুৱৈ

নিউজ ডেস্কঃ টেনিছ খেলুৱৈ হিমানী ম’ৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ। এই গোপন বিয়াৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নীৰজে।

হাৰিয়ানাৰ শোনিপতৰ নিবাসী ২৭ বছৰীয়া নীৰজ আৰু ২৫ বছৰীয়া হিমানীয়ে এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। চোপ্ৰাই নিজৰ পোষ্টত লিখিছে, “পৰিয়ালৰ উপস্থিতিত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছো। প্ৰেমৰ বান্ধোনত বান্ধ খাই সুখী জীৱনৰ যাত্ৰা আৰম্ভ কৰিছো।”

চোপ্ৰাৰ ককাক ভীমে কয় যে এই বিবাহ অনুষ্ঠানটো দেশতেই হৈছিল আৰু ইতিমধ্যে নৱবিবাহিতা দুগৰাকীয়ে হানিমুনলৈ ৰাওনা হৈছে। অৱশ্যে এই অনুষ্ঠানৰ স্থান গোপনে ৰখা হৈছে।

WhatsApp Image 2025 01 20 at 11.45.18 2fe821e3

বৰ্তমান হিমানীয়ে নিউ হামচায়াৰৰ ফ্ৰেংকলিন পিয়ৰ্চ বিশ্ববিদ্যালয়ত ক্ৰীড়া ব্যৱস্থাপনা অধ্যয়ন কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি ২০১৮ চনত হিমানীয়ে একক শাখাত ৰাষ্ট্ৰীয় ৰেংকিঙত ৪২ আৰু ডাবলছত ২৭ নম্বৰ স্থান লাভ কৰিছিল। ২০১৮ চনতহে তেওঁ এআইটিএ প্ৰতিযোগিতাত খেলিবলৈ আৰম্ভ কৰিছিল।

image 15

আনহাতে, টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা নীৰজে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত প্ৰশিক্ষণ লৈ আছিল। তাত তেওঁ চেক গণৰাজ্যৰ কিংবদন্তি জেভেলিন অভিলেখধাৰী জন জেলেজনীক তেওঁৰ প্ৰশিক্ষক হিচাপে পাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *