বিহুক লৈ নতুন নিৰ্দেশনা! জেঠত বিহু পাতিবলৈ এইবাৰ নাপাব অনুমতি, জানেনে কাৰণ কি…

নিউজ ডেস্কঃ বিহুক লৈ এইবাৰ নতুন নিৰ্দেশনা অসম চৰকাৰৰ।

১ জেঠৰ পৰা কোনেও পাতিব নোৱাৰিব বিহু।

এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পহিলা জেঠৰ পিছত বিহু পাতিবলৈ প্ৰশাসনে অনুমতি প্ৰদান নকৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

অৱশ্যে সাংস্কৃতিক অনুষ্ঠান যেতিয়াই তেতিয়াই পাতিব পাৰিব বুলিও স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয় যে ৩১ ব’হাগৰ পূৰ্বেই বিহু পাতিব লাগিব। অন্যথা তাৰ পিছত বিহুৰ বাবে অনুমতি প্ৰদান কৰা নহয়।

জেঠত বিহু পাতিলে অনা-অসমীয়াৰ মাজত অসমীয়াৰ ভাৱমূৰ্তি বেয়া হয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জেঠত পতা বিহুক অনুমতি নিদিবলৈ ইতিমধ্যে জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।