মাতৃৰ দুপাত্তাখনেই কাল হ’ল কণমানি জুলফিকৰ বাবে! স্কুললৈ বুলি ওলাই খেলি থাকোতেই ডিঙিত ফাঁচ লাগি হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ মাতৃৰ দুপাত্তাখনেই কাল হ’ল এটি কণমানি শিশুৰ বাবে!

স্কুললৈ বুলি ওলাই মাতৃৰ দুপাত্তাৰে খেলি থকা সময়তে ডিঙিত ফাঁচ লাগি কৰুণ মৃত্যুক সাৱটিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোলাঘাটৰ মৌ খোৱা গাঁৱত।

নিহত শিশুটিৰ নাম জুলফিক আহমেদ (১২) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অইন দিনাৰ দৰে মঙলবাৰে পুৱাও স্কুললৈ যাবলৈ ইউনিউফৰ্ম পিন্ধি সাজু হৈছিল জুলফিক।

সেই সময়ত পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্যসকল অন্য কামত ব্যস্ত থকাৰ বাবে জুলফিকে মাকৰ দুপাত্তাখনেৰেই খেলি আছিল।

কিন্তু কিছু সময় পিছত যেতিয়া মাকে জুলফিকক বিচাৰিবলৈ আৰম্ভ কৰে তেতিয়া গ্ৰীলত দুপাত্তাৰে ফাঁচ খাই থকা অৱস্থাত শিশুটিক প্ৰত্যক্ষ কৰে।

লগে লগে শিশুটিক পৰিয়ালৰ লোকে গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও তেতিয়ালৈকে মৃত্যুৰ কোলাত শুই পৰে জুলফিক।

সন্দেহ মতে, জুলফিকে দুপাত্তাখন ডিঙিত মেৰিয়াই খেলি থকাৰ সময়তে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।

শিশুটিৰ এনে অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।