লজ্জাজনক! মৃত বৃদ্ধাৰ আঙুলিৰ ছাপ লৈ সম্পত্তি দখলৰ ষড়যন্ত্ৰ ভাতৃৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ মানুহ কিমান তললৈ নামিলে এগৰাকী মৃতকৰ আঙুলিৰ ছাপ লৈ ষড়যন্ত্ৰ কৰিব পাৰে সম্পত্তি দখলৰ!

চিনেমাত এনে ধৰণৰ ঘটনা দেখিবলৈ পোৱা যায় যদিও বাস্তৱত হয়তো ইয়াৰ কল্পনা কৰাটোও কঠিন।

কিন্তু তেনে এক ঘটনাৰে এটা ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত এগৰাকী মৃত বৃদ্ধাক হাস্পতালৰ পৰা ঘৰলৈ নিয়াৰ পথত আধা বাটতে গাড়ী ৰখাই দলিলত আঙুলিৰ ছাপ লৈছে উকীলৰ পোছাক পিন্ধা এজন ব্যক্তিয়ে।

মানৱ সমাজক লজ্জানত কৰা এই ঘটনা আগ্ৰাৰ সেৱলাৰ বুলি জানিব পৰা গৈছে।

সেৱলাৰ নিৱাসী জিতেন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে, ২০২১ চনৰ ৮মে’ত মৃত্যু ঘটিছিল তেওঁৰ মাতৃফালৰ আইতাক কমলা দেৱীৰ।

হাস্পতালৰ পৰা মৃতদেহটো ঘৰলৈ গাড়ীৰে আনি থকাৰ সময়তে আধা বাটত এজন উকীলৰ পোছাক পিন্ধা ব্যক্তি আহে আৰু বৃদ্ধাৰ আঙুলিৰ ছাপ কিছু নথি পত্ৰত লৈ গুচি যায়।

সেই সময়তে কোনোৱে মোবাইল কেমেৰাত আৱদ্ধ কৰিছিল এটা ভিডিঅ’।

জিতেন্দ্ৰ শৰ্মাই অভিযোগ কৰা মতে, এই ঘটনা সন্দৰ্ভত তেওঁ সেৱলা জাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়েও গুৰুত্ব দিয়া নাছিল।

কিন্তু আইতাকৰ মৃতদেহৰ পৰা আঙুলিৰ ছাপ লৈ উইল কৰি যেতিয়া কমলা দেৱীৰ ভাতৃ বৈজনাথ আৰু তেওঁৰ পুত্ৰই বৃদ্ধাৰ নামত থকা সম্পত্তি আৰু দোকান দখল কৰে, তেতিয়াহে এই সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহে আৰু চৰ্চিত হৈ পৰে ভিডিঅ’টো।

জিতেন্দ্ৰ শৰ্মাই অভিযোগ কৰা মতে, তেওঁৰ আইতাক জীৱিত থকা সময়ত কেইবাবছৰৰ পৰা বৈজনাথ আৰু তেওঁৰ পুত্ৰ সকলে তেওঁৰ সম্পত্তি উইল কৰিবলৈ জোৰ দি আহিছিল।

কিন্তু ভাতৃ আৰু ভতিজাকে বাৰাম্বাৰ জোৰ কৰাৰ পিছতো সম্পত্তি তেওঁলোকৰ নাম কৰি দিবলৈ অস্বীকাৰ কৰিছিল কমলা দেৱীয়ে।

এনে পৰিপ্ৰেক্ষিততে বৃদ্ধাগৰাকীক পৰিকল্পতিভাৱে হত্যা কৰাৰো সন্দেহ কৰিছে নাতি জিতেন্দ্ৰ শৰ্মাই।

ইফালে ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও শীঘ্ৰে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বস্ত কৰিছে এচিপি অপৰ্ণা সিঙে।