নতুন দিল্লীঃ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় পথ ব্যৱহাৰকাৰীৰ বাবে এক আকৰ্ষণীয় পুৰস্কাৰ। সংস্থাটোৱে আৰম্ভ কৰিছে এক বিশেষ অভিযান, য’ত ঘাইপথ ব্যৱহাৰকাৰীসকলে টোল প্লাজাত লেতেৰা শৌচাগাৰৰ অভিযোগ দিলে লাভ কৰিব পাৰে এহাজাৰ টকাৰ ফাষ্টেগ একাউণ্ট ৰিচাৰ্জ। উল্লেখ্য যে, অহা ৩১ অক্টোবৰ, ২০২৫ পৰ্যন্ত এই বিশেষ অভিযানৰ আৰম্ভ কৰিছে এনএইচএআইয়ে।
ঘাইপথ প্ৰাধিকৰণৰ এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা অনুসৰি ঘাইপথ ব্যৱহাৰকাৰীসকলে ‘ৰাজমৰ্গ যাত্ৰা’ এপৰ নতুন সংস্কৰণৰ জৰিয়তে লেতেৰা শৌচাগাৰৰ জিঅ’-টেগ কৰা ছবি আপলোড কৰিব পাৰিব। ইয়াৰ লগতে ব্যৱহাৰকাৰীয়ে শৌচাগাৰৰ নাম, স্থান, বাহন পঞ্জীয়ন নম্বৰ (ভিআৰএন) আৰু মোবাইল নম্বৰ দিব লাগিব। যদি এনে প্ৰতিবেদন কোনো বাহন পঞ্জীয়ন নম্বৰ (ভিআৰএন)ৰ পৰা কৰা হয়, তেন্তে সেই ভিআৰএনৰ সৈতে সংযুক্ত ফাষ্টেগ একাউণ্টত ১০০০ টকাৰ ৰিচাৰ্জ জমা কৰা হ’ব।
সংস্থাটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই পুৰস্কাৰ হস্তান্তৰযোগ্য নহয় আৰু ইয়াৰ সলনি নগদ ধন দাবী কৰিব নোৱাৰিব। অহা ৩১ অক্টোবৰলৈকে দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথতে এই অভিযান বৈধ হৈ থাকিব। কিন্তু এই সুবিধা কেৱল এন এইচ এ আইৰ অধীনত নিৰ্মাণ, পৰিচালিত বা ৰক্ষণাবেক্ষণ কৰা শৌচাগাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। এন এইচ এ আইৰ নিয়ন্ত্ৰণৰ বাহিৰৰ খুচুৰা ইন্ধন ষ্টেচন, ধাবা বা অন্যান্য ৰাজহুৱা সা-সুবিধাৰ শৌচাগাৰ সামৰি লোৱা নহ’ব।
বিবৃতিটোত আৰু কোৱা হৈছে যে এই সমগ্ৰ সময়ছোৱাত প্ৰতিটো বাহন পঞ্জীয়ন নম্বৰ এবাৰহে পুৰস্কাৰৰ বাবে যোগ্য হ’ব। লগতে এটা বিশেষ শৌচাগাৰৰ সুবিধা দিনটোত এবাৰতকৈ অধিক পুৰস্কাৰৰ বাবে বিবেচনা কৰা নহ’ব। যদি একেটা শৌচাগাৰৰ বাবে একাধিক প্ৰতিবেদন দাখিল কৰা হয়, তেন্তে কেৱল ‘ৰাজমাৰ্গ যাত্ৰা’ এপৰ জৰিয়তে ৰিপ’ৰ্ট কৰা প্ৰথমখন বৈধ ফটোহে বঁটাৰ বাবে বিবেচনা কৰা হ’ব। এপটোৰ জৰিয়তে তোলা স্পষ্ট, জিঅ’ টেগ আৰু টাইম ষ্টাম্পযুক্ত ফটোহে এই বঁটাৰ বাবে বিবেচনা কৰা হ’ব বুলিও সংস্থাটোৱে জানিবলৈ দিয়ে। কোনো ধৰণৰ ভুৱা বা পূৰ্বতে ৰিপ’ৰ্ট কৰা ফটো গ্ৰহণ কৰা নহ’ব। প্ৰয়োজন সাপেক্ষে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ জৰিয়তে পৰীক্ষণ আৰু মেনুৱেল পৰীক্ষণৰ জৰিয়তে প্ৰতিবেদনসমূহ পৰীক্ষা কৰা হ’ব।
#FASTag recharge #NHAI #cleanliness drive #Vehicle Registration Number









