নিউজ ডেস্কঃ তেজৰ কি ধৰ্ম! ধৰ্ম কেৱল মানুহক, ধৰ্ম কেৱল সমাজৰ!
ইছলামধৰ্মী সকলৰ বাবে এয়া পবিত্ৰ ৰমজান মাহ। এই মাহতে ৰোজা ৰাখি ঈশ্বৰৰ উপাসনাত নিমগ্ন হয় প্ৰায় প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক।
সূৰ্যাস্তৰ পিছত ৰোজা ভংগ কৰি তেওঁলোকে আহাৰ গ্ৰহণ কৰে।
কিন্তু এগৰাকী হিন্দু ভগ্নীৰ জীৱন ৰক্ষা কৰিবলৈকে সময়ৰ পূৰ্বেই ৰোজা ভংগ কৰি ৰক্তদান কৰিলে এজন মুছলমান ভাতৃয়ে।
বিদ্বেষৰ সমাজৰ দুটা পৃথক ধৰ্মৰ এই ভাতৃ-ভগ্নীহালৰ সম্প্ৰীতিৰ নিদৰ্শনে এতিয়া লাভ কৰিছে চৰ্চা।
দৰাচলতে পশ্চিমবংগৰ বীৰভূম জিলাৰ লাভপুৰ ফিৰা গাঁৱৰ নিৱাসী ব্ৰততী মাঝি নামৰ কিশোৰীগৰাকী জন্মৰ পৰাই থেলাছেমিয়া ৰোগত আক্ৰান্ত।
১৬ বছৰীয়া কিশোৰীগৰাকী বিগত কিছুদিন ধৰি ৰক্তহীনতাত ভুগি থকাত তেওঁৰ পিতৃয়ে চৌদিশে বি পজিটিভ গ্ৰুপৰ তেজ বিচাৰি ফুৰিছিল কন্যাৰ বাবে।
এই সময়ত বলপুৰৰ ঘৰুৱা শিক্ষক তথা সমাজকৰ্মী শ্যামল মাঝিয়ে ব্ৰততীৰ বিষয়ে জানিব পাৰি তেওঁৰেই ছাত্ৰ শ্বেখ নূৰ ইছলামক ৰক্তদান কৰিবলৈ অনুৰোধ জনায়।
শিক্ষকৰ অনুৰোধত অলপো সংকোচ নকৰাকৈ নূৰ ইছলামে ৰমজানৰ ৰোজা আধাতে ভংগ কৰি এগৰাকী ভাতৃৰ দায়িত্ব পালনেৰে বলপুৰ সংমণ্ডলৰ ছিয়ান হাস্পতালত ৰক্তদান কৰে ব্ৰততী নামৰ কিশোৰীগৰাকীক।
ব্ৰততীৰ পিতৃ প্ৰদীপ মাঝিয়ে জানিবলৈ দিয়া মতে, বলপুৰত বি পজিটিভ গ্ৰুপৰ তেজ মজুত নথকাত বিগত বহু দিনৰ পৰাই কন্যাৰ বাবে তেজ বিচাৰি তেওঁলোকে হাবাথুৰি খাইছিল।
আনফালে ক্ৰমান্বয়ে কিশোৰীগৰাকী অধিক অসুস্থ হৈ পৰাত একপ্ৰকাৰ হতাশ হৈ পৰিছিল পৰিয়াল।
কিন্তু সেই সময়তে দেৱদূতৰ দৰে আহি নূৰ ইছলামে ব্ৰততীক ৰক্তদান কৰি এটা নতুন জীৱন প্ৰদান কৰে।
আনহাতে হিন্দু যুৱতীগৰাকীক ৰক্তদান কৰি শ্বেখ নূৰ ইছলামে কয় যে মানুহৰ জীৱন ৰোজাতকৈ অধিক মূল্যবান।
এগৰাকী জ্যেষ্ঠ ভাতৃৰ দৰে ব্ৰততীক ৰক্তদান কৰিবলৈ পাই যথেষ্ট আনন্দ ব্যক্ত কৰে নূৰ ইছলামে।