চাঞ্চল্যকৰ! বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই অসম গৌৰৱ বঁটাপ্ৰাপক মাতৃক অপদস্থ শিক্ষকৰ, লাজে-অপমানে জৰ্জৰিত হৈ সন্ধানহীন পুত্ৰ হিমাংশু…

নিউজ ডেস্কঃ বিদ্যালয়ৰ মাচুল সময়মতে প্ৰদান কৰিব নোৱাৰাৰ বাবে পুত্ৰৰ সন্মুখতে অপমান অসম চৰকাৰৰ অসম গৌৰৱ বঁটাপ্ৰাপক মাতৃক!

চকুৰ সন্মুখতে শিক্ষকৰ দ্বাৰা মাতৃক অপদস্থ কৰা কাৰ্যত লাজে অপমান জৰ্জৰিত হৈ সন্ধানহীন জ্যেষ্ঠ পুত্ৰ।

বিগত দুদিন ধৰি সন্ধানহীন হৈ থকা পুত্ৰক বিচাৰি এতিয়া কান্দোনত ভাগি পৰিছে মাতৃ।

বিদ্যালয়ৰ একাংশ শিক্ষকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মাতৃয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰিত।

অভিযোগ অনুসৰি সোণাৰি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দুই পুত্ৰৰ নামভৰ্তিৰ বাবে গৈছিল অসম গৌৰৱ বঁটাপ্ৰাপক আশা কৰ্মী শীলা গোৱালাই।

কিন্তু দুই সন্তানৰ বিদ্যালয়ৰ মাচুল সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ দুজনৰ পৰীক্ষাৰ ফলাফল স্থগিত কৰি ৰাখে।

আনকি বিদ্যালয়খনৰ একাংশ শিক্ষকে ইতিকিংসূচকভাৱে দুই সন্তানৰ বিদ্যালয়ৰ পৰা নাম কাটি গেৰেজত কাম কৰিবলৈ পঠিয়াবলৈ অদ্ভূত পৰামৰ্শ দিয়ে আশা কৰ্মী শীলা গোৱালাক।

দুই সন্তানৰ সন্মুখতে মাতৃক এনেদৰে শিক্ষক কেইবাজনে অপমান কৰাত লজ্জিত হৈ পৰে দুই পুত্ৰ।

তাৰ পিছতে সোমবাৰে পুৱা ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ আছে শীলা গোৱালাৰ জ্যেষ্ঠ পুত্ৰ তথা সোণাৰি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ হিমাংশু গোৱালা।

পুত্ৰক ইফালে সিফালে বিচাৰ খোচাৰ কৰিও কেনিও সন্ধান নাপাই এতিয়া হাহাকাৰ কৰিছে মাতৃয়ে।

ইতিমধ্যে পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মাতৃ শীলা গোৱালাই।

অন্যহাতে এগৰাকী অসম চৰকাৰৰ দ্বাৰা সন্মানিত আশা কৰ্মীক একাংশ জ্ঞানহীন শিক্ষকে অপদস্থ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ সোণাৰি নগৰত।